শিৱসাগৰ, 28 অক্টোবৰ : সোমবাৰে পুৱা শিৱসাগৰৰ নাতিদূৰৈৰ দিখৌ নদীৰ গেমন দলঙত এক ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰি উদ্ধাৰ অভিযানত নামি পৰিছিল এছ ডি আৰ এফ বাহিনী ৷ তেনে সময়তে ঘটনাস্থলীত উপস্থিত হ'ল ঘটনাৰ আচল নায়ক ৰিতেশ সিং আৰু য়শ সিং ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নিশা প্ৰায় 10.30 বজাত দুয়োজন লোকে ভটিয়াপাৰত আহাৰ গ্ৰহণ কৰি আহি ঘূৰি আহোতে গেমন দলঙৰ ওপৰত এক দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাৰ ফলত সিঙৰ এ.এছ.০৪-জে ৫৩৩৪ নম্বৰৰ আই-20 গাড়ীখন বিধ্বস্ত হৈ পৰে যদিও কোনো ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে ৷
শিৱসাগৰত দুৰ্ঘটনা, চিনাক্ত হ'ল দুৰ্ঘটনাগ্ৰস্ত বাহন - car identified in sivasagar accident
শিৱসাগৰৰ দিখৌ নদীৰ গেমন দলঙত দুৰ্ঘটনাগ্ৰস্ত বাহনখন চিনাক্তকৰণ কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন ৰিতেশ সিং আৰু য়শ সিং নামৰ দুজন লোকৰ বুলি জানিব পৰা গৈছে ৷
![শিৱসাগৰত দুৰ্ঘটনা, চিনাক্ত হ'ল দুৰ্ঘটনাগ্ৰস্ত বাহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4887317-thumbnail-3x2-si-2.jpg)
ঘটনাৰ দুই নায়ক
চিনাক্ত হ'ল শিৱসাগৰত দুৰ্ঘটনাগ্ৰস্ত বাহন
পৰৱৰ্তী সময়ত পৰিত্যক্ত অৱস্থাত গাড়ীখন আৰক্ষীয়ে উদ্ধাৰ কৰি শিৱসাগৰ সদৰ থানালৈ আনে । সিঙৰ ভাষ্য লাভ কৰাৰ পাচতে অন্ত পৰে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান ৷
Last Updated : Oct 28, 2019, 12:34 PM IST