শিৱসাগৰ, 30 জুন : শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত বৃহস্পতিবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা(Declare Assam's flood and erosion a national problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে লগতে এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰো দাবী জনায় ৷
উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যত বান গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যত এই পৰ্যন্ত বানত 151 জন লোকৰ মৃত্যু হোৱাৰ লগতে 31,54,556 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ বানৰ কৱলত আছে প্ৰায় 91,349.26 হেক্টৰ কৃষিভূমি ৷ বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়াৰো অৱস্থাৰ সৃষ্টি হৈছে ৷ এইবাৰেই নহয় প্ৰতিবছৰে বান-গৰাখহনীয়াই অসমৰ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷