শিৱসাগৰ, 25 আগষ্ট:‘‘তোমাৰ ফেচবুক পোষ্টে আমাৰ সমাজৰ দুজনমান লোকক মনোকষ্ট দিছে ৷ তুমি শুদ্ধ হ’লেও হেয় হ’বই লাগিব ৷ কাৰণ তুমি বোৱাৰী, তুমি নাৰী জাতি ৷’’ এগৰাকী বোৱাৰীক এঘৰীয়া কৰি সমাজৰ বৰমূৰীয়াই দিয়া স্পষ্টীকৰণৰ কিয়দাংশ এয়া ৷ আধুনিকতাৰ সাগৰত সাঁতুৰি-নাদুৰি ফুৰা আমাৰ একাংশই যেন এতিয়াও পিন্ধি আছে এলান্ধু কলীয়া নিয়মৰ চুইমিং কষ্টিউম ৷ যি গাত লিপিত খাই লাগি থাকে, এৰাই নাযায় ৷ ঘটনাটো হৈছে ঐতিহাসিক শিৱসাগৰ জিলাৰ অৰ্জুনগুৰিৰ (Sivsagar facebook post controversy) ৷
অতি সাধাৰণ এটা অজুহাত দেখুৱাই সমাজে এঘৰীয়া কৰা বোৱাৰীগৰাকীৰ নাম ববিতা ভৰালী ৷ যোৱা ১০ আগষ্টত মঙলদৈত জাতি-ভেদৰ নামত ঘটি যোৱা হৃদয় বিদাৰক ঘটনাটোৰ সন্দৰ্ভত ১২ আগষ্টত এটা ফেচবুক পোষ্ট দিছিল ববিতাই ৷ ‘‘মানুহবোৰ হেৰাই গৈ আছে আৰু উপাধিবোৰ ৰৈ গৈছে’’ বুলি লিখি কিছু মনৰ কথা সামাজিক মাধ্যমত বিবৰি লিখিছিল তেওঁ (Babita Bharali Facebook controversy) ।
তাৰ পাছতে যোৱা দেওবাৰ ২১ আগষ্ট দিনা মহিলা গৰাকীক তেওঁ স্বামী আৰু সন্তানসহ এঘৰীয়া কৰে সমাজে । মহিলাগৰাকীয়ে হাত যোৰ কৰি সোধাত ফেচবুক পোষ্টটোৱে দুজনমান লোকৰ মনত আঘাত দিয়া বুলি জনাই তেওঁক ৷