শিৱসাগৰ, 8 আগষ্ট :গতিশীল জীৱনত ব্যস্ত হৈ পৰা মানুহৰ পৰা হেৰাই গৈছে মানৱীয়তা । বিজ্ঞান, তথ্য, প্ৰযুক্তি আদি সমূহৰ বাবে জীৱন সহজ হৈছে যদিও ক্ৰমে জটিল হৈ পৰিছে মানৱীয় প্ৰমূল্যবোধ । মানুহৰ প্ৰতি মানুহে কৰা মৰম-চেনেহ-দয়াবোৰ যেন দুৰ্লভ হৈ পৰিছে । তথাপিও এতিয়াও কেতবোৰ মানুহ আৰু অনুষ্ঠান আছে যিসমূহে মানুহৰ বাবে চিন্তা, মানুহৰ প্ৰতি দয়াৰ কাৰ্য নিৰন্তৰে চলাই নিছে ।
এই মানৱীয় কাৰ্য কেৱল সুস্থ-সবল মানুহৰ বাবে নহয় । মানসিকভাৱে দুৰ্বল মানুহৰ বাবেও । মানসিকভাৱে বিকাৰগ্ৰস্ত লোকসমূহৰ বাবে । অনুষ্ঠানটোৰ নাম হিউমেন ৱেলফেয়াৰ ছ’চাইটি । এই অনুষ্ঠানটোৱে 2018 চনৰ ফেব্ৰুৱাৰী মাহত কেৰেলাৰ কোঝিকোডেৰ এক মানসিক চিকিৎসালয়ত অসমৰ এগৰাকী যুৱতী চিকিৎসাধীন হৈ থকাৰ তথ্য লাভ কৰে ।
লগে লগে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ এক সঁজাতি দল কেৰেলালৈ গৈ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতী গৰাকীক নিজ ৰাজ্য অসমলৈ আনি শিৱসাগৰৰ নাজিৰাৰ মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত ৰাখে । যুৱতী গৰাকীৰ নাম কবিতা দেৱ বুলি জনাৰ বাদে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ হাতত আন কোনো তথ্য নাছিল । বহু বিচাৰ-খোচাৰ কৰিও যুৱতী গৰাকীৰ ঠিকনা লাভ কৰিবলৈ সক্ষম নহল ছচাইটি । ফলত তেতিয়াৰ পৰা গেলেকীৰ হাতিপটিত থকা 'জ্যোতি' মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰত যুৱতী গৰাকীক ৰখা হৈছিল ।