অসম

assam

ETV Bharat / city

২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলক শীঘ্ৰে নিযুক্তি প্ৰদান: শিক্ষামন্ত্ৰী - tet qualifier appointment news

২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলক শীঘ্ৰে নিযুক্তি দিয়া হ’ব ৷ চি টেট উত্তীৰ্ণ প্ৰাথীসকলৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই শিক্ষা বিভাগে ৷ লগতে শিক্ষা মন্ত্ৰীয়ে আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লয় ৷

২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলক শীঘ্ৰে নিযুক্তি প্ৰদান: শিক্ষামন্ত্ৰী
২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলক শীঘ্ৰে নিযুক্তি প্ৰদান: শিক্ষামন্ত্ৰী

By

Published : Jun 22, 2021, 10:39 PM IST

আমগুৰি, ২২ জুন : ২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়াত স্থান লাভ কৰিব । আনহাতে চি টেট উত্তীৰ্ণ প্ৰাথীসকলৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই । আমগুৰিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আমগুৰিৰ আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ বুজ লয় ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰবাম চাহ বাগিচা, আমগুৰি চাহ বাগিচা, আমগুৰি সামূহিক চিকিৎসালয়, বৰছিলা চাহ বাগিচা পৰিদৰ্শন কৰি ক’ভিড পৰিস্থিতিৰ বুজ লয় । উল্লেখ্য যে ৰাজ্যজুৰি ইতিমধ্যে কোভিডৰ ’বৰ্ধিত টীকাকৰণ’ আৰম্ভ হৈছে ।

২০১৯ চনৰ টেট উত্তীৰ্ণ প্ৰাথীসকলক শীঘ্ৰে নিযুক্তি প্ৰদান: শিক্ষামন্ত্ৰী

সোমবাৰৰ পৰা ৰাজ্যজুৰি দৈনিক তিনিলাখকৈ লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । চলিত মাহতে ১ কোটি প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ চাহ বাগিছাসমূহতো প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । মঙলবাৰে আমগুৰিৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ লগতে ‘বৰবাম’ আৰু ‘আমগুৰি’ চাহ বাগিছাৰ চিকিৎসালয়ত নতুনকৈ স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ।

মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচী ধাৰাবাহিক ভাৱে বাহাল থাকিব বুলি জনোৱাৰ লগতে শিৱসাগৰ জিলাত সোমবাৰৰ দিনটোত প্ৰতিদিনৰ লক্ষ্যতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক :আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

ABOUT THE AUTHOR

...view details