শিলচৰ,24 মাৰ্চ: কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ । এইগৰাকী নেতা কেৱল নিৰ্বাচনৰ সময়তহে অসমলৈ আহে । অসমবাসীৰ বিপদৰ সময়ত এই সকল কংগ্ৰেছ নেতাক অসমত দেখা নাযায় । নিৰ্বাচনৰ সময়ত অসমবাসীক বিভিন্ন প্ৰলোভন দেখালেও অসমবাসীয়ে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ প্ৰলোভনত পতিয়ন নাযায় । মঙলবাৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী দিপায়ন চক্ৰৱৰ্তীৰ নিৰ্বাচনী জনসভাত অংশ লৈ এইদৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সমালোচনাৰে থকা সৰকা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে । বিজেপি নেতাজনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি লগতে কয় যে কংগ্ৰেছে সদায় বিভাজনৰ ৰাজনীতি কৰি আহিছে ।
কংগ্ৰেছৰ বিভাজনৰ ৰাজনীতিৰ বাবেই আজি দেশ বিভাজন হ’ব লগা হৈছে । এতিয়াও কংগ্ৰেছে সেই ধাৰা অব্যাহত ৰাখিছে । অসমবাসীৰ মাজতো বিভাজনৰ ৰাজনীতি কৰিছে কংগ্ৰেছে । মহামাৰী কৰ’ণাৰ সময়তো দেশবাসীক কোনো সহযোগিতা নকৰাৰ বিপৰীতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশবাসীয়ে নৰেন্দ্ৰ মোডীৰ প্ৰতি সমৰ্থন দিয়া সময়ত ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা বুলি অভিযোগ কৰি যোগী আদিত্য নাথে কংগ্ৰেছক বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনায় । যোগী আদিত্য নাথৰ ভাষণত জন্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা আৰু ড' ভূপেন হাজৰিকাক বিজেপিয়ে ভাৰত ৰত্ন সন্মান দিয়া প্ৰসংগয়ো স্থান লাভ কৰে ।