শিলচৰ, 31 আগষ্ট :একাংশ চুবুৰীয়া ৰাজ্যই আগ্ৰাসী চৰিত্ৰ অক্ষুন্ন ৰাখি অসমৰ সীমান্ত এলেকাৰ ভূমি বেদখল কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ দৰেই এক বিশেষ ঘটনাই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰত, একাংশ বহিৰাজ্যৰ কিন্নৰে সম্প্ৰতি চহৰখন দখল কৰিব লোৱাৰ অভিযোগ উত্থাপিত কৰি আৰক্ষীৰ কাষ চাপিছে অসমীয়া কিন্নৰ সকল ৷ শেহতীয়াকৈ, বহিঃ ৰাজ্যৰ পৰা প্ৰায় 70 জনীয়া কিন্নৰৰ এটা ডাঙৰ দলে শিলচৰ চহৰত প্ৰৱেশ কৰিছে ।
ইফালে, এই ঘটনাৰ খবৰ পাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিন্নৰ সকলৰ আন এটা বৃহৎ দল গৈ শিলচৰ চহৰত উপস্থিত হৈছে ৷ এই দুই দলৰ মাজত এতিয়া চহৰখন দখল কৰিবলৈ এক কথাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বহিঃ ৰাজ্যৰ পৰা অহা কিন্নৰৰ দলটোৱে সোমবাৰে গাড়ী ৰিজাৰ্ভ কৰি শিলচৰ চহৰৰ বিভিন্ন স্থানত স্থানীয় কিন্নৰ সকলৰ উপৰত আক্ৰমণ চলায় ।