চৰকাৰৰ চৰম বিত্তীয় সংকট উদঙালে শিক্ষামন্ত্ৰীৰ পত্ৰই
চৰম বিত্তীয় সংকটতত ভূগি আছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ যাৰ বাবে বহু বিদ্যালয়ত নাই চকী-মেজ, ফেন, পানী ফিল্টাৰ পৰ্যন্ত ৷ এইসমূহ কিনাৰ বাবে নাই বিভাগৰ হাতত ধন ৷ যাৰ বাবে বিধায়কৰ জৰিয়তে স্থানীয় লোকৰ পৰা বৰঙনি তোলাৰ বাবে আগবাঢ়িছে শিক্ষা বিভাগ ৷
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে অমিতাভ বচ্চনৰ সহায় বিচাৰিলে নিতিন গাডকাৰীয়ে
মন্ত্ৰী নিতিন গাডকাৰীৰ কাৰ্যালয়ত বিগ বি আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চন ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি বৃহস্পতিবাৰে মুম্বাইত বিগ বি অমিতাভ বচ্চনক সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে (Nitin Gadkari met Amitabh Bachchan)৷
মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগত "মুহি চন্দ্ৰ মিৰি বনানীকৰণ অভিযান ২০২০-৩০" লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত ১৫৪ জোপা গছপুলি ৰোপণ কৰা হয় (154 trees planted in Murkangchelek College) ৷ এই অনুষ্ঠানত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ চৌহদত নাচপতি, কঁঠাল, শিলিখা , সোণাৰু , জলফাই , আমলখি আৰু বগৰীকে ধৰি কেইবাটাও জাতৰ গছ পুলি ৰোপন কৰে ৷
তিনিচুকীয়াৰ পৰা সন্ধানহীন যুৱক
তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা সন্ধানহীন হৈ আছে এজন যুৱক(Youth From Tinsukia Goes Missing) ৷ বৃহস্পতিবাৰে এজন বন্ধুক সাক্ষাৎ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন । গুইজান ঘাটত তলা মাৰি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ চাইকেল ৷
হোজাইত বৈদ্যুতিক উপ-সংমণ্ডলৰ কৰ্মচাৰীৰ দ্বাৰা কৃষ্ণ জন্মাষ্টমী পালন
আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী । সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো আজি নামঘৰ,মন্দিৰত উৎযাপন কৰা হৱ জন্মাষ্টমী । তাৰ সমান্তৰাল ভাবে আজি লংকাৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কলনীস্থিত সৰ্ব্বজনীন নামঘৰতো বৈদ্যুতিক উপ-সংমণ্ডলত কৰ্মৰত কৰ্মচাৰী সকলে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতেই উৎযাপন কৰিছে জন্মাষ্টমী(Krishna Janmashtami celebrated at Hojai Namghar) । ইতিমধ্যেই পুৱাই ধৰ্মীয় ৰীতি-নীতি অনুসৰি নামঘৰ ভাগত বন্তি প্ৰজ্বলনকে ধৰি আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী ।