শিলচৰ,9মাৰ্চ:বিশ্বত বৰ্তমান আতংকৰ এটা নাম হৈছে কৰ'ণা ভাইৰাছ ৷ বৰ্তমানলৈ এই ভাইৰাছত বিশ্বৰ প্ৰায় 1 লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰিতে মৃত্যু হৈছে প্ৰায় 3,595 গৰাকী ৷ এই ভাইৰাছৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ সোমবাৰে শিলচৰত আয়োজন কৰা হয় যজ্ঞৰ ৷ আৰ্য সংস্কৃতি বোধনীৰ কৰ্মকৰ্তাসকলে আয়োজন কৰে এই যজ্ঞৰ ৷ পুৱা 5বজাৰ পৰা 7:30 পৰ্যন্ত বৈদিক মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞত ফল মূল আহুতি দিয়ে কৰ্মকৰ্তাসকলে । এই যজ্ঞৰ উদ্দেশ্য হ'ল বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ পৰা বিশ্ববাসীক ৰক্ষা কৰা ৷ ইয়াৰ পাছতে তেওঁলোকে পালন কৰে বসন্ত উৎসৱৰ ৷
কৰ'ণা ভাইৰাছক ৰোধ কৰিবলৈ শিলচৰত যজ্ঞ! - আৰ্য সস্কৃতি বোধনীৰ সহায়ত আয়োজন কৰা হয় যজ্ঞৰ
শিলচৰত আৰ্য সংস্কৃতি বোধনীৰ সহায়ত আয়োজন কৰা হয় যজ্ঞৰ ৷ বিশ্ববাসীক কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ আয়োজন কৰা হয় এই যজ্ঞৰ ৷
কৰ'ণা ভাইৰাছক ৰোধ কৰিবলৈ শিলচৰত যজ্ঞ!