অসম

assam

আদালতত হাজিৰ শিলচৰ ধৰ্ষণকাণ্ডৰ তিনি অপৰাধী

By

Published : Oct 19, 2019, 11:34 PM IST

শিলচৰত পাশৱিক ঘটনা ৷ মূল অপৰাধীৰ আত্মহত্যা ৷

আদালতত হাজিৰ শিলচৰ ধৰ্ষণ কাণ্ডৰ তিনি অপৰাধী

শিলচৰ,19 অক্টোবৰ: শেহতীয়াভাৱে শিলচৰ কঁপাই যোৱা যুৱতীৰ ধৰ্ষণ-হত্যাকাণ্ডৰ তিনিগৰাকী অপৰাধীক আৰক্ষীয়ে শনিবাৰে আদালতত হাজিৰ কৰিছে ৷ বাকবাহাৰ ধোৱাৰবন্ধ এলেকাত যোৱা 16 অক্টোবৰ তাৰিখে এগৰাকী যুৱতীক এদল যুৱকে গণ-ধৰ্ষণ কৰাৰ এক পাশৱিক ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ পাচতেই ধৰ্ষণকাণ্ডৰ মূল অপৰাধী ৰাজেন দাস নামৰ যুৱকজনে ডিঙি কাটি আত্মহত্যা কৰে ৷

অপৰাধীক ফাঁচীৰ দাবী বিভিন্ন দল-সংগঠনৰ

এই ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠন ওলাই আহে আৰু দোষীক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদকাৰীসকলে শনিবাৰে আদালতত হাজিৰ কৰোৱা তিনিজন ধৰ্ষণকাৰীক ফাঁচীকাঠত ওলোমাবলৈ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details