অসম

assam

গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ

By

Published : Aug 21, 2019, 7:49 PM IST

গৌতম ৰয়ৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শিলচৰ জিলা কংগ্ৰেছে ৷ দুৰ্নীতিৰ পৰা হাত সৰাৰ বাবে বিজেপিত যোগদানৰ অভিযোগ ৷ তেওঁৰ প্ৰয়াত পিতৃ সন্তোষ কুমাৰ ৰয়ক অপমান কৰাৰ অভিযোগ প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে ৷

গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ


শিলচৰ, 21আগষ্টঃ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিৰুদ্ধে সৰব হ'ল শিলচৰ জিলা কংগ্ৰেছ ৷ বুধবাৰে শিলচৰৰ ইন্দিৰা ভৱনত সংবাদমেল আয়েজন কৰি শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ দেই কয় যে গৌতম ৰয়ে দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে বিজেপিত যোগদান কৰি অন্তৱৰ্তী জামিন ল'লে ৷ লগতে তেওঁ কয় যে গৌতম ৰয়ে কংগ্ৰেছক অস্তিত্বহীন দল বুলি মন্তব্য কৰি কেৱল কংগ্ৰেছক অপমান কৰা নাই , তেওঁৰ প্ৰয়াত পিতৃ আজীৱন কংগ্ৰেছৰ সদস্য তথা কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সন্তোষ কুমাৰ ৰয়ৰ লগতে নেতাজী , মহাত্মা গান্ধীকো অপমান কৰিছে ৷ কেৱল ক্ষমতাৰ লোভত কংগ্ৰেছক অপমান কৰিছে গৌতম ৰয়ে ৷ উল্লেখযোগ্য যে বিজেপিত যোগদান কৰাৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজন ৷

গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ শিলচৰ জিলা কংগ্ৰেছ

ABOUT THE AUTHOR

...view details