শিলচৰ, 7 নৱেম্বৰ:বুধবাৰে নিশা শিলচৰৰ অসম-মণিপুৰ সীমান্তৰ লালপানী বজাৰত সংঘটিত হল এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা দহখনৰো অধিক দোকানৰ ওপৰিও বহু বাসগৃহ জুইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে পাচখন দোকান সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ ঘটনা অনুসৰি পোন প্ৰথমে এখন হোটেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু পাছলৈ তাৰ পৰা আন ঠাইসমূহত বিয়পি পৰে ৷ অৱশেষত বহুসময়ৰ পাছত স্থানীয় লোকসকলে তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডটোৰ ফলত বহু কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে বুলি অনুমান কৰা হৈছে ৷
শিলচৰত বিধ্বংসী অগ্নিকাণ্ড - silachar major fire took place at laal bazar near assam manipur border
অসম মণিপুৰ সীমান্তৰ লালপানি বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷
শিলচৰত বিধ্বংসী অগ্নিকাণ্ড