অসম

assam

By

Published : Aug 29, 2019, 9:49 PM IST

ETV Bharat / city

ছিণ্ডিকেটৰাজক লৈ সৰৱ শিলচৰ কংগ্ৰেছ : উপায়ুক্তক স্মাৰকপত্ৰ দাখিল

বৰাক উপত্যকাৰ লগতে অসমৰ ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সৰৱ হ'ল শিলচৰ কংগ্ৰেছ ৷

ছিণ্ডিকেট ৰাজক লৈ সৰৱ শিলচৰ কংগ্ৰেছ : উপায়ুক্তক স্মাৰকপত্ৰ দাখিল

শিলচৰ, 29 আগষ্টঃ বৰাক উপত্যকাৰ লগতে অসমৰ ছিণ্ডিকেট ৰাজক লৈ সৰৱ হৈছে শিলচৰ কংগ্ৰেছ । বৃহস্পতিবাৰে জিলা কংগ্ৰেছৰ এটা উচ্চস্তৰীয় দলে জিলা উপায়ুক্ত লয়া মাদুৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্দেশ্যে এখন স্মাৰকপত্ৰ প্ৰদান কৰে । এই স্মাৰকপত্ৰৰ জৰিয়তে বৰাক তথা অসমৰ বিভিন্ন ঠাইত কয়লা, সাৰ, বাৰ্মিজ, চুপাৰী, কাঠ আদিৰ ছিণ্ডিকেট একাংশ দলীয় নেতাৰ সহায়ত চলি আছে বুলি স্পষ্ট কৰি দিয়ে শিলচৰ কংগ্ৰেছে ৷ তাৰোপৰি প্ৰাক্তন মন্ত্ৰী অজিত সিঙে কয় যে, চিণ্ডিকেটৰাজৰ বাবেই চাহ বাগিচা, ইটা শিল্পৰ লগত বহুবিধ শিল্প সংকটত পৰিছে আৰু বৰ্তমান উন্নয়নৰ গতি লেহেমীয়া হৈ পৰিছে ।

লগতে এখন শুদ্ধ এন আৰ চি বিচাৰে বুলিও মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছৰ নেতাগৰাকীয়ে । আনহাতে তেওঁ কয় যে, নাগৰিকপঞ্জীত সকলো ভাৰতীয় নাগৰিকৰ নাম থাকিব লাগিব, অন্যথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হব ।

ABOUT THE AUTHOR

...view details