অসম

assam

By

Published : Apr 28, 2020, 12:52 PM IST

ETV Bharat / city

শিলচৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত ১

শিলচৰৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠাণ্ডাপুৰত এক শোকাৱহ পথ দুৰ্ঘটনাত মঙলবাৰে থিতাতে মৃত্য়ু হয় এজন লোকৰ । বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

Road accident at silchar, died 1
Road accident at silchar, died 1

শিলচৰ, ২৮ এপ্ৰিলঃ শিলচৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । ঠাণ্ডাপুৰ নামৰ ঠাইত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হৈছে এজন বাইক আৰোহীৰ ।

পথ দুৰ্ঘটনা, নিহত ১

জানিব পৰা মতে,বিপৰীত মুখে দি আহি থকা এখন MZ-05-6864 নম্বৰৰ ট্ৰাকৰ তলত AS-11-4106নম্বৰৰ বাইক আৰোহীজন বাগৰি পৰাতে সংঘটিত হয় এই কৰুণ ঘটনাটো । স্পীড ব্ৰেকাৰত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই ট্ৰাকৰ তলত বাগৰি পৰে বাইক আৰোহীজন। ফলত থিতাতে মৃত্যু হয় লোকজনৰ ।

শিলচৰ কৰিমগঞ্জ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

পিচত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনহাতে পাঁচগ্ৰামত আন এটা দুৰ্ঘটনা সংঘটিত হয় । দুখন ট্ৰাকসহ চালক,হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details