অসম

assam

ETV Bharat / city

শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ - ৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন

শিলচৰ চহৰত পুত্তলিকা দাহ বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ । শ্বাৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ
শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

By

Published : Feb 1, 2020, 11:01 PM IST

শিলচৰ, 1 ফেব্ৰুৱাৰীঃ শিলচৰত হীৰেণ গোহাঁইৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দাহ কৰা হ’ল অসমৰ বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ পুত্তলিকা । শনিবাৰে শিলচৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ ক্ষুধীৰাম বসুৰ মূৰ্তিৰ তলত থিয় হৈ শ্বাৰ্জিল ইমামক সমৰ্থন দিয়া হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ লগতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

উল্লেখ্য যে, ড৹ গোঁহাইয়ে শ্বাৰ্জিল ইমামে‘যৌৱনৰ উন্মাদনাত’‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন’কৰাৰ কথা কৈছে বুলি কোৱাৰ পাচতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিভিন্ন দল সংগঠন ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড৹ গোঁহাইৰ বিৰুদ্ধে তৰা হৈছে গোচৰ ৷

ABOUT THE AUTHOR

...view details