কাছাৰ, 9 মে' : কাছাৰ জিলাৰ লক্ষীপুৰ বাশকান্দি আৰক্ষীৰ জালত পৰিল ২৩৭ গ্ৰাম হেৰ'ইনৰ সৈতে এজন যুৱক । শনিবাৰে তিনি বজাত লক্ষীপুৰ মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস আৰু বাশকান্দি আৰক্ষীৰ অনুসন্ধান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰা আৰু তেওঁৰ সহকাৰী দলৰ দ্বাৰা এক অভিযান চলোৱা হয় ৷ শিলচৰ সদৰ থানাৰ অন্তৰ্গত বদ্ৰীপাৰ অঞ্চলত আৰক্ষীয়ে জাহাংগীৰ আহমেদ চৌধুৰীৰ নামৰ যুৱকজনৰ পৰা তালাচী চলাই 237 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷
কাছাৰত হেৰ’ইনসহ আটক যুৱক - লক্ষীপুৰ মহকুমা আৰক্ষী
কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ 20 গ্ৰাম হেৰ’ইনৰ সৈতে আটক জাহাংগীৰ আহমেদ চৌধুৰী নামৰ এজন যুৱক ৷
![কাছাৰত হেৰ’ইনসহ আটক যুৱক কাছাৰত 237 গ্ৰাম হেৰ’ইনৰ সৈতে আটক এজন যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11698705-thumbnail-3x2-aaa.jpg)
কাছাৰত 237 গ্ৰাম হেৰ’ইনৰ সৈতে আটক এজন যুৱক
কাছাৰত 237 গ্ৰাম হেৰ’ইনৰ সৈতে আটক এজন যুৱক
লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাহাংগীৰ আহমেদ চৌধুৰীক লক্ষীপুৰ আৰক্ষী থানালৈ জেৰা কৰাৰ বাবে লৈ আহে ৷ গ্ৰেপ্তাৰ হোৱা জাহাংগীৰক লক্ষীপুৰ আৰক্ষী থানাত ১৪১/২১ এনডিপিএছ ২১ বি ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি সোধা-পোচ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :বৰপেটাত ঈদ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ