পুলিছে ধৰিলে পুলিছক - অসম আৰক্ষী
নথি-পত্ৰ অবিহনে এজন ব্যৱসায়ীক সোধপোছ কৰিবলৈ আহি আটক হ'ল বহিঃ ৰাজ্যৰ আৰক্ষীৰ দলটো

শিলচৰ আৰক্ষী
কাছাৰ,১২ মাৰ্চ: শিলচৰত অভিযান চলাবলৈ আহি অসম আৰক্ষীৰ হাতত আটক হ'ল মিজোৰাম আৰক্ষী ৷ সোমবাৰে মিজোৰাম আৰক্ষীৰ দলটোৱে অসম আৰক্ষীৰ কোনো অনুমতি নোলোৱাকৈ কোনো বৈধ নথি পত্ৰ অবিহনে প্ৰসেনজিত দত্ত নামৰ শিলচৰৰ এজন ব্যৱসায়ীৰ ঘৰত অভিযান চলায় । লগতে প্ৰসেনজিতক সোধপোছৰ বাবে মিজোৰামৰ উদ্দেশ্যে লৈ যোৱাৰ পথতে অসম আৰক্ষীয়ে মিজোৰামৰ আৰক্ষী দলটোক আটক কৰে । বৰ্তমান শিলচৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই মিজোৰামৰ ১৫ জনীয়া আৰক্ষী দলক জেৰা অব্যাহত ৰাখিছে ৷
অসম আৰক্ষীৰ হাতত আটক মিজোৰাম আৰক্ষীৰ দল