শিলচৰ, 3 আগষ্ট :অসমৰ সৈতে সংঘটিত হোৱা সীমা-বিবাদ(Assam Mizoram Border Dispute)ৰ ঘটনাৰ পিছত বিমানৰে নিজ ৰাজ্যলৈ খাদ্য কঢ়িয়াইছে মিজোৰামে ৷ কলিকতা, শিলচৰ বিমান বন্দৰৰ পৰা বিমানেৰে খাদ্য সামগ্ৰী ভৰাই দুয়োটা বিমান বন্দৰৰ পৰা বিমান যোগে নিছে খাদ্য সামগ্ৰী কঢ়িয়াইছে মিজোৰাম চৰকাৰে ৷ ৩৮,৭১১ কেজি সামগ্ৰী লৈ প্ৰথমখন বিমান মঙলবাৰে আইজালৰ লেংপুই বিমানবন্দৰত অৱতৰণ কৰিছে ৷ ইতিমধ্যে, আন কেইবাখনো বিমানৰে খাদ্য নিয়াৰ পৰিকল্পনা কৰিছে মিজো চৰকাৰে ৷
শিলচৰ বিমান বন্দৰ (Silchar Airport) কৰ্তৃপক্ষই টুইট(Tweet) যোগে প্ৰদান কৰিছে এই খবৰ ৷ ইফালে, মিজোৰামত খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলক লৈও হাহাকাৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ প্ৰায়ভাগ পেট্ৰ’ল পাম্পতে সম্প্ৰতি Diesel Nil, Petrol Nil বেনাৰ লাগিছে ৷ অসমৰে সংঘাতৰ পিছতেই মিজোৰামত এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিয়ে দেখা দিছে ৷ চুবুৰীয়া অসমত ঠাইয়ে ঠাইয়ে হোৱা অৱৰোধ কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি ৰখাত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছে মিজোৰামত ৷