অসম

assam

ETV Bharat / city

অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন - মিজো দুষ্কৃতিৰ আগ্ৰাসন

কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰত অব্যাহত আছে মিজো দুষ্কৃতিৰ আগ্ৰাসন ৷ দুটাকৈ বাসগৃহত অগ্নিসংযোগৰ ঘটনা ।

Mizo aggression in Lailapur on the Assam-Mizoram border
Mizo aggression in Lailapur on the Assam-Mizoram borderMizo aggression in Lailapur on the Assam-Mizoram border

By

Published : Jun 23, 2020, 7:25 PM IST

শিলচৰ, 23 জুন : অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত মিজো দুষ্কৃতিৰ আগ্ৰাসন ৷ দুটাকৈ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ । কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন অব্যাহত ৷

জিলাখনত সঘনাই হৈ থকা মিজো দুষ্কৃতিৰ আগ্ৰাসনত অতিষ্ঠ হৈ পৰিছে এই এলেকাৰ স্থানীয় ৰাইজ । আনকি নিশা গভীৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মিজো দুষ্কৃতিকাৰীয়ে লায়লাপুৰৰ দুটাকৈ ঘৰত অগ্নি সংযোগ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই অগ্নিসংযোগৰ ফলতেই জ্বলি ছাই হ'ল বাঁহৰ দুটা ঘৰ ৷ আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিল বাসগৃহত থকা দুটাকৈ পৰিয়ালৰ লোকৰ ৷

অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন

পিচত লায়লাপুৰত দুটাকৈ পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস সহ আৰক্ষীৰ এটা বিশাল দল ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে সংবাদ মাধ্যমৰ আগত জনায় যে, ইতিমধ্যে এই সমস্ত ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে ৷ আনহাতে দুষ্কৃতিকাৰী সকলক কোনো কাৰণতেই ৰেহাই দিয়া নহয় ৷

লগতে পঢ়ক :গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ সদৌ অসম বঙালী ফেডাৰেচন

ABOUT THE AUTHOR

...view details