নিউজ ডেস্ক, 6 জুলাই: কাছাৰৰ এনকাউন্টাৰৰ ঘটনাক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া (Cachar police encounter)৷ আৰক্ষীৰ ভাষ্যৰ বিপৰীতে ভুক্তভোগীৰ পৰিয়ালৰ লোকে প্ৰদান কৰিছে বিপৰীত ভাষ্য ৷ যোৱা 3 জুলাইত কাছাৰৰ সোণাপুৰ অঞ্চলত আৰক্ষীৰ গুলীত নিহত হৈছিল আবুল হুছেইন আৰু কামৰুল ইছলাম বৰভূঞা ওৰফে লকৈ (Two accused shot dead by police in Cachar)৷ কাছাৰ আৰক্ষীয়ে জানিবলৈ দিছিল যে, দুয়োজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিব খোজাত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলী চালনা কৰে দুয়োকে ৷
কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জানিবলৈ দিয়ে যে, যোৰাবাটৰ পৰা কাছাৰলৈ আনি থকাৰ সময়তে পলায়নৰ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হ’ল ৷ গুলীৰ আঘাতত দুৰ্ভাগ্যজনকভাৱে দুয়োৰে মৃত্যু হয় ৷ কিন্তু, ইয়াৰ বিপৰীতে মৃত আবুল হুছেইনৰ পৰিয়ালে চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছে ৷ ফলত বিষয়টো অধিক ৰহস্যঘন হৈ পৰিছে ৷
আবুলৰ ভাতৃয়ে কয় যে, তেওঁৰ ককায়েক আছিল এজন টেংকাৰ ড্ৰাইভাৰ ৷ তেওঁ হেণ্ডিমেনৰ সৈতে গুৱাহাটীলৈ গৈছিল ৷ লকৈক তেওঁলোকৰ সৈতে আটক কৰা হোৱা নাছিল ৷ লকৈ আৰক্ষীয়ে আন স্থানৰ পৰা আটক কৰিছিল ৷ কিন্তু আৰক্ষী অধীক্ষকৰ মতে, একেলগে আটক হৈছিল তিনিও অভিযুক্ত ৷ আবুলৰ ভাতৃয়ে লগতে কয় যে, তেওঁৰ জ্যেষ্ঠ ভাতৃৰ দুয়োহাত বন্ধা আছিল আৰু চকুতো ক’লা কাপোৰেৰে বান্ধি থোৱা আছিল ৷ এনে অৱস্থাত এজন মানুহ পলাবলৈ চেষ্টা কৰাতো অসম্ভৱ ৷ যদি পলাইছিলেই আৰক্ষীয়ে কিয় ভৰিত গুলী নামাৰিলে বুলিও প্ৰশ্ন তুলিছে আবুলৰ ভাতৃয়ে (Cachar encounter under controversy)৷
তেওঁ কয় যে, আবুলৰ দেহৰ এনে এটুকুৰা অংশ নাই য’ত আঘাতপ্ৰাপ্ত হোৱা নাছিল ৷ তাৰোপৰি আৰক্ষীৰ গুলী আবুলৰ পিঠিত লগাৰ পৰিৱৰ্তে ভেদিছিল বুকু ৷ আটাইকেইটা গুলীয়েই সমুখৰ পৰা লগা বুলি জনায় আবুলৰ ভাতৃ আব্দুল হামিদে ৷ তেওঁ এই এনকাউন্টাৰৰ ঘটনাৰ এক তদন্ত কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷ একে সময়তে হামিদে অভিযোগৰ আঙুলি তুলিছে আমিৰ হুছেইন ওৰফে তৰমুজ আলী নামৰ এটা ভূ-মাফিয়াৰ বিৰুদ্ধে ৷
হামিদে কয় যে, তৰমুজে এই ঘটনাৰ মাজলৈ আবুলক টানি আনে আৰু দুৰ্ভাগ্যজনকভাৱে তৰমুজ এতিয়া মুক্তভাৱে ঘূৰি ফুৰাৰ বিপৰীতে আবুল কবৰত শুই আছে নিথৰ হৈ ৷