ডিব্ৰুগড়, 23 মাৰ্চঃ কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ অসমবাসীক বিশেষ সতৰ্কতা গ্ৰহণ কৰিবলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৷ ৰাজ্যবাসীক কৰ'ণাৰ বাবে সজাগ থাকিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ পদক্ষেপক সহাঁৰি জনাবলৈ
কাছাৰ, 23 মাৰ্চঃ প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানক সহাঁৰি জনাই সমগ্ৰ দেশৰ সমান্তৰালকৈ কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তটো শংখ আৰু তালি বজাই প্ৰধানমন্ত্ৰীগৰাকীৰ পদক্ষেপক সমৰ্থন জনোৱা দেখা গ'ল ৷
বটদ্ৰৱা, 23 মাৰ্চঃ দবা ,কাঁহ, শংখ ঘণ্টা দেৱবাদ্যৰ মংগলিক ধ্বনিৰে মুখৰিত হ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশ বতাহ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন সেৱাত নিয়োজিত সকলৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ কীৰ্তনঘৰত দেখা পোৱা গ'ল এই পৰিৱেশ ৷
গুৱাহাটী, 23 মাৰ্চঃমানৱ জাতিৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ নিপাত যোৱাৰ কামনাৰে প্ৰধানমন্ত্ৰী পদক্ষেপক সহাঁৰি জনোৱাৰ ক্ষেত্ৰত পিছপৰি নাথাকিল তাৰকাৰ লগতে মন্ত্ৰী বিধায়ক । 5 বজাৰ লগে লগে অভিনেতা যতীন বৰাই পত্নীৰ স'তে এনেদৰে ঘৰৰ ছাদৰ পৰা কাঁহ আৰু ঘণ্টা বজোৱাৰ লগতে ৰঞ্জিত দাসেও নিজ গৃহৰ সন্মুখত এনেদৰে কাঁহ বজাই জনতা কাৰ্ফিউৰ প্ৰতি সঁহাৰি জনায়
কামৰূপ, 23 মাৰ্চঃ আজি দেশজুৰি সকলোৱে সমৰ্থন কৰিলে জনতাৰ সান্ধ্য আইন । কামৰূপ জিলাৰ চাংসাৰীৰNational Disaster Rescue Force চমুকৈ NDRF ৰ মুখ্য কাৰ্যালয়ত সদস্য আৰু বিষয়া সকলেও কাঁহি-বাতি, শঙ্খ, হাততালিৰে জৰুৰীকালীন সেৱাত নিয়োজিতসকলক সন্মান জনায় ৷
বৰপেটা, 23 মাৰ্চঃআনহাতে সমগ্ৰ দেশৰ পৰা কিছু ব্যতিক্ৰম এখন ছবিয়ো দেখা পোৱা গ'ল বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ বৰবালা বজাৰত ৷ বন্ধৰ পৰিৱৰ্তে বজাৰ, দোকান সকলো খোলা ৷ সংখ্যালঘু অধ্যুষিত বৰবালা বজাৰত নাই জনতা সান্ধ্য আইনৰ কোনো প্ৰভাৱ ৷ অৱশ্যে সাংবাদিকৰ কেমেৰা দেখি একাংশ ব্যৱসায়ীয়ে দোকান বন্ধ কৰি পলায়ন কৰে ৷