শিলচৰ, 1 আগষ্ট : শুকুৰবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ নিৰ্বাচনী চক্ৰৰ উত্তৰ নাৰায়ণপুৰত দলং নিৰ্মাণৰ কামক লৈ সৰৱ হৈ উঠিছে গাঁওবাসী ৷ উত্তৰ নাৰায়ণপুৰ গাওঁ পঞ্চায়তৰ সভাপতি এম হিফজুৰ ৰহমান লস্কৰৰ নেতৃত্বত দলং নিৰ্মানৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । আলগাপুৰৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷
দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ সমষ্টিবাসী - এম হিফজুৰ ৰহমান লস্কৰ
দলং নিৰ্মাণক লৈ সৰৱ হাইলাকান্দি জিলাৰ আলগাপুৰ নিৰ্বাচনী চক্ৰৰ উত্তৰ নাৰায়ণপুৰবাসী ৷ আলগাপুৰৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ ব্যৰ্থতা আৰু কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷
দলং নিৰ্মাণত ব্যৰ্থতাক লৈ বিধায়কৰ বিৰুদ্ধে সৰৱ স্থানীয় ৰাইজ
অভিযোগ অনুসৰি, বিগত 7 বছৰ পূৰ্বে কাটাখাল নৈৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । দলংখনৰ নিৰ্মাণৰ কাম প্ৰথম দুবছৰ আগবাঢ়ি আছিল যদিও যোৱা 4 টা বছৰে পৰিত্যক্ত অৱস্থাত পেলাই থোৱা হৈছে দলঙৰ কাম । বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীয়ে আলগাপুৰৰ নিৰ্বাচনী চক্ৰৰ পথটো নিৰ্মাণৰ নামত কোটি-কোটি টকাৰ লুণ্ঠন কৰিছে । এই দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : 40 হাজাৰলৈ অতিক্ৰম ৰাজ্যত কৰ’ণা আক্ৰান্তৰ সংখ্যা