শিলচৰ, 24 ছেপ্টেম্বৰ: শিলচৰ চহৰৰ অম্বিকাপট্টিত অৱসৰপ্ৰাপ্ত ষ্টেট বেংক কৰ্মী আৰু তেওঁৰ পত্নীক খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই ঘৰৰ বনকৰা মহিলাই লুটি নিলে নগদ ধনকে ধৰি ঘৰৰ বহু মূল্যবান সামগ্ৰী ৷ ঘটনা অনুসৰি কিছুদিন আগত তেওঁলোকৰ ঘৰত কাম কৰিবলৈ নতুনকৈ এগৰাকী বনকৰা মহিলাক দায়িত্ব দিয়া হৈছিল ৷ কেৱল মাত্ৰ দুজন অৱসৰপ্ৰাপ্ত লোক বাস কৰাৰ সুবিধা লৈ বনকৰা মহিলা গৰাকীয়ে দেওবাৰে তেওঁলোকৰ খাদ্যত নিশা নিচাযুক্ত দ্ৰব্য মিহলাই অৰবিন্দ ভদ্ৰ আৰু তেওঁৰ পত্নী ইলা ভদ্ৰক অচেনত কৰি ঘৰৰ সকলো মূল্যবান সামগ্ৰী লুট কৰি লৈ যায় ৷
শিলচৰত অঘটন: বনকৰা মহিলাই লুটিলে মালিকক - শিলচৰ চহৰৰ অম্বিকাপট্টি
পত্নীসহ অৱসৰপ্ৰাপ্ত ষ্টেট বেংক কৰ্মীক নিশাৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই অচেনত কৰি সংঘটিত কৰিলে এই কাণ্ড ৷ লুটি নিলে নগদ ধনকে ধৰি ঘৰৰ বহু মূল্যবান সামগ্ৰী ৷
শিলচৰত অঘটন: বনকৰা মহিলাই লুটিলে মালিকক
ইফালে পুৱা ওচৰ-চুবুৰীয়াই ভদ্ৰৰ ঘৰৰ দৰ্জা-খিৰিকী অস্বভাৱিক অৱস্থাত খোল খাই থকা দেখা পাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দম্পত্তিহালক অচেতন অৱস্থাত বিচনাত পৰি থকা প্ৰত্যক্ষ কৰি তেওঁলোকক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ আই চি ইউত ৰখা দম্পত্তিহালৰ বৰ্তমানেও সংজ্ঞা ঘূৰি অহা নাই ৷ তেওঁলোকৰ সংজ্ঞা ঘূৰি আহিলে হে অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷