কৰিমগঞ্জ, 26চেপ্তেম্বৰঃ ত্ৰিপুৰাত ভয়ংকৰ গণধৰ্ষণৰ ঘটনা ৷ ঘটনাৰ স্থান ৰাজধানী আগৰতলাৰ এডি নগৰ ৷ দহ জনীয়া এটা দলে ওৰে নিশা নিৰ্যাতন চলাই এগৰাকী মহিলাক৷ দুই সন্তানৰ মাতৃ মহিলাগৰাকী বৰ্তমান আগৰতলা জিবি হাস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন ৷
ধিক্! ত্ৰিপুৰাত গণধৰ্ষণ , ক'ত মহিলাৰ নিৰাপত্তা ? - মহিলা
চিকিৎসকৰ ওচৰলৈ অহা মহিলাগৰাকীয়ে ঘৰলৈ উভতি যাবৰ বাবে পৰিচিত টেম্প চালক এজনক ফোন কৰি মাতিছিল ৷ অকলশৰীয়া মহিলাগৰাকীক টেম্প প্ৰদীপ নামৰ যুৱকজনে সচৰাচৰ আহ-যাহ কৰা পথটোৰ সলনি অন্য এক পথৰে ঘৰলৈ লৈ যায়৷
তথ্য অনুসৰি, চিকিৎসকৰ ওচৰলৈ অহা মহিলাগৰাকীয়ে ঘৰলৈ উভতি যাবৰ বাবে পৰিচিত টেম্প চালক এজনক ফোন কৰি মাতিছিল ৷ অকলশৰীয়া মহিলাগৰাকীক টেম্প প্ৰদীপ নামৰ যুৱকজনে সচৰাচৰ আহ-যাহ কৰা পথটোৰ সলনি অন্য এক পথৰে ঘৰলৈ লৈ যায়৷ মহিলাগৰাকীয়ে ইয়াৰ কাৰণ সোধাত প্ৰদীপে কোনো ব্যক্তিৰ পৰা কিছু ধন পাবলৈ আছে বুলি কয় আৰু জনাই যে, ধন খিনি লৈ তেঁও মহিলাগৰাকীক ঘৰত থৈ আহিব ৷ কিন্তু মাজবাটতে প্ৰদীপে আন তিনিজন যুৱককো টেম্পোখনত উঠাই লয় ৷ইয়াৰ পিছত যুৱক কেইটাই মহিলাগৰাকীৰ মুখত কাপোৰৰে সোপা দি ত্ৰিপুৰা ৰবাৰ বাগানলৈ লৈ যায় ৷ তাতে 10 গৰাকী নৰপিচাশে মিলি মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি নিশা আগৰতলা চাৰ্কিট হাউছৰ সন্মুখত পেলাই থৈ যায় ৷
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তিনি লম্পটক যুৱক গ্ৰেপ্তাৰ কৰিছে ।