শিলচৰ, 30 মে' :ৰাজ্যজুুৰি অব্য়াহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ সংক্ৰমণৰ সংখ্য়া কিছু পৰিমানে কমিছে যদিও বৰ্তমানেও হ্ৰাস হোৱা নাই মৃত্যুৰ সংখ্যা ৷ দেওবাৰে বৰাক উপত্যকাত চিনাক্ত হয় প্ৰথমগৰাকী ব্লেক ফাংগাছ ৰোগী । এক সংবাদমেল আয়োজন কৰি ব্লেক ফাংগাছ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিলে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ৷
সংবাদমেলখনত উপস্থিত থাকে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা, কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলি আৰু শিলচৰ সাংসদ ৰাজদীপ ৰয় ৷ জানিব পৰা মতে, ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীজন 5 মে' তাৰিখে কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত 11 তাৰিখে শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয় ৷