অসম

assam

ETV Bharat / city

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ

শিলচৰৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱে অংশগ্ৰহণ কৰি জনসাধাৰণৰ ওচৰত সদায় থকাৰ আশ্বাস দিয়ে

By

Published : Apr 12, 2019, 12:25 PM IST

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ

শিলচৰ,১২ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা শিলচৰত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ । শিলচৰ চহৰৰ মালুগ্ৰামত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দেৱে । সভাত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰায়ক সমালোচনা কৰি কয়, শিলচৰৰ সমস্যা হ'লে আন কোনো উপস্থিত হয়,নহয় নাজানো কিন্তু মই নিশ্চয় উপস্থিত হ'ম । লগতে মোডীক চাই ভোট দিলে মোডীয়ে আপোনালোকৰ ওচৰত কেতিয়াও নাহে বুলিও মন্তব্য কৰে দেৱে ।

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ

আনহাতে,নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিও সুস্মিতা দেৱে কয়, "২০১৪ চনৰ ভোটাৰ তালিকাৰ অনুসৰি যি সকলে ভোটদান কৰিছে তাৰ ভিত্তিতেই নাগৰিকত্ব প্ৰদান কৰিব লাগিব " । সুস্মিতা দেৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে শিলচৰৰ সভাত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details