কৰিমগঞ্জ, 31 আগষ্ট:বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ প্ৰসূতিৰ পেটত থকা শিশু আকাৰত হৈ সৰু থকাৰ বাবেই অপাৰেশ্যন কৰি উলিয়াই আনি আকৌ পেটত থৈ দিলে চিকিৎসকে । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ৷ প্ৰসূতি চিকিৎসক আশিস বিশ্বাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ (Allegation against doctor in Karimganj)৷
তথ্য অনুসৰি, কৰিমগঞ্জ চহৰৰ এম এম চি ৰোডৰ প্ৰসূতি নেভি নমঃশূদ্ৰক পেটৰ বিষৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ অনা হয় (Maternity operation in Karimganj civil)। সাত মাহৰ অন্তঃসত্বা মহিলাগৰাকীক অস্ত্ৰোপচাৰ কৰি গৰ্ভত থকা শিশুটিক উলিয়াই আনে চিকিৎসকে । কিন্তু শিশুটি আকাৰত সৰু হোৱাৰ বাবে আকৌ পেটত সুমুৱাই থোৱাৰ গুৰুতৰ অভিযোগ চিকিৎসক আশিস বিশ্বাসৰ বিৰুদ্ধে ।