গুৱাহাটী, 27 নৱেম্বৰ : বৰাকত অসমীয়া ভাষাৰ পোষ্টাৰ ফলা খলনায়ক প্ৰদীপ দত্ত ৰয়ক অৱশেষত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ শেহতীয়াকৈ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ দত্ত ৰয়ক গুৱাহাটীত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে এনে কামৰ পৰা বিৰত থকাৰ বাবে সকিয়নী দিছিল(CM Himanta Warned Pradeep Dutta Roy) ৷ ইয়াৰ পিছতে শনিবাৰে হঠাৎ শিলচৰত কছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক।
জানিব পৰা মতে, কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়(Barak democratic front leader Pradeep Dutta Roy) ক গুৱাহাটীলৈ প্ৰেৰণ কৰা হ’ব । উল্লেখ্য যে, অসমীয়া ভাষা সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে চৰকাৰক দাবী জনাই আহিছে ।