শিলচৰ, 24 জানুৱাৰীঃ শিলচৰত শুকুৰবাৰে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় বেটি বচাও বেটি পঢ়াও কাৰ্যসূচী ৷ এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ত শপত বাক্য পাঠ কৰোৱা হয় ৷ এই কাৰ্যসূচীত জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাৰ উপস্থিতিত সকলোকে নাৰী পুৰুষৰ সমতা,কণ্যা শিশুক স্বাগতম জনোৱা ইত্যাদি শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পাচতেই উপায়ুক্তৰ অফিচৰ পৰা এটা বিশাল সমদল উলিয়াই মহিলা সুৰক্ষা আৰু নাৰী শিক্ষাৰ বাৰ্তা প্ৰদান কৰে।
শিলচৰত বেটি বচাও,বেটি পঢ়াও সজাগতা ৰেলী - জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা
ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে নাৰীৰ সম অধিকাৰ,ভ্ৰুণ হত্যা আদি বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে শিলচৰত বাহিৰ কৰা হয় বেটি বচাও,বেটি পঢ়াও কাৰ্যসূচী ৷
শিলচৰত বেটি বচাও, বেটি পঢ়াও সজাগতা ৰেলী
উল্লেখ্য যে,ছোৱালীক দেশত আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে 2015 চনৰ পৰা বেটি বচাও বেটি পঢ়াও সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷