কৰিমগঞ্জ,3অক্টোবৰঃ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তুংগত উঠিছে কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ অভিযান । ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ জমি উঠিছে প্ৰতিদ্বন্দী দুই দলৰ প্ৰচাৰ অভিযান । বিজেপিয়ে যদি সাংগঠনিক পৰ্যায়ত প্ৰচাৰ চলাইছে তেন্তে কংগ্ৰেছে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।
কাৰ কাৰ মাজত হ'ব যুঁজ
মুলতঃ ৰাতাবাৰী সমষ্টিত এইবাৰ কংগ্ৰেছৰ বাবে যদি অস্তিত্ব ৰক্ষাৰ যুঁজ তেন্তে বিজেপিৰ বাবে এই উপ-নিৰ্বাচন আত্মসম্মান ৰক্ষাৰ যুঁজ । উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজয় মালাকাৰক । বিজয় মালাকাৰ মুলতঃ সমষ্টিটোৰ বাহিৰৰ লোক । আনহাতে কেশব প্ৰশাদ ৰজক নামৰ এগৰাকী স্থানীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে । বিজেপিয়ে পচন্দ হিন্দু বঙালী আৰু কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ লোক ৷ শৈক্ষিক দিশৰ পৰা চাবলৈ গ'লে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ হৈছে সংস্কৃত টুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ। আৰু কংগ্ৰেছে প্ৰাৰ্থী কেশব ৰজক হৈ স্নাতক উত্তীৰ্ণ ।
ভোটাৰৰ পৰিসংখ্যা
যিহেতু ৰাতাবাৰী সমষ্টিত এইবাৰ নাই এআইইউডিএফএৰ কোনো প্ৰাৰ্থী। 1 লাখ 62 হেজাৰ ভোটাৰ থকা ৰাতাবাৰী সমষ্টিৰ মুচলমান ভোটাৰৰ সংখ্যা হৈছে 54 হাজাৰ । চাহ জনগোষ্ঠীয় ভোটাৰ হৈছে 35 হাজাৰ । একেদৰে হিন্দু বঙালী ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 60 হেজাৰ । হিন্দু বঙালী ভোটাৰৰ মাজত আছে কেবাটাও শ্ৰেণী বিভাজন । মনিপুৰী ভোটাৰৰ সংখ্যা হৈছে 12500 উপজাতি ভোটাৰ হৈছে 3600 ৷