অসম

assam

ETV Bharat / city

নলবাৰীত কিয় বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ? - HIV cases increased

নলবাৰীত এতিয়া ড্ৰাগছেই হৈছে HIV আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ কাৰক । বিভিন্ন এন জি অ’ই HIV নিয়ন্ত্ৰণ কৰাৰ বাবে কাম কৰি থকাৰ মাজতে প্ৰকাশ পাইছে এই ভয়ংকৰ খবৰ ৷

Why the number of HIV cases increased in Nalbari?
নলবাৰীত কিয় বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ?

By

Published : Aug 7, 2021, 10:14 PM IST

নলবাৰী, 7 আগষ্ট :ক’ৰণাৰ ভয়াৱহতাৰ মাজতে আন এক ভয়াৱহ খবৰে জোকাৰিছে নলবাৰী ৷ শেহতীয়াভাৱে নলবাৰীত বৃদ্ধি পাইছে HIVত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মাত্ৰ কিছুদিন পূৰ্বে জিলাখনত সাত গৰাকীকৈ লোক আক্ৰান্ত হৈছে HIVত ৷ নলবাৰীৰ মুকালমুৱাত ঘৰ সাতোগৰাকী লোকৰ ৷

নলবাৰীত কিয় বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ?

মাত্ৰ এটা দিনতে সাত জনকৈ লোক HIV পজিটিভ ৰোগীৰ তথ্য পোহৰলৈ অহাৰ পিছতে নলবাৰীত চলি থকা ড্ৰাগছ ব্যৱসায়ৰ ভয়াৱহ ছবিখন উন্মোচিত হৈছে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে বৰ্তমানলৈ নলবাৰীত 144 গৰাকী লোক আক্ৰান্ত হৈছে HIVত ৷

সম্প্ৰতি জিলাখনত আৰু বহু লোক এতিয়াও HIVৰ বাহক হৈ থকাৰ সন্দেহ কৰিছে স্বাস্থ্য বিভাগে ৷ ফলত নলবাৰীবাসীৰ বাবে এয়া এক ভয়াৱহ খবৰ ৷ যি কথা খোদ নলবাৰী জিলা এইচ কন্টোল ছচাইটিৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কুমাৰ দাসে সদৰি কৰিলে ইটিভি ভাৰতৰ সন্মুখত ৷

লগতে পঢ়ক:ভয়াৱহ সংকট: মিজোৰামত নাই পৰ্যাপ্ত ক’ভিড কিট, নাই খাদ্য

ABOUT THE AUTHOR

...view details