নলবাৰী,৩০ মাৰ্চ:আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত ৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল ৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি ৷ নাচনিয়েও ঢোলৰ চেঁৱত নাচিবলৈ সাজু ৷ নলবাৰীত জাপি শিল্পীও ব্যস্ত হৈ পৰিছে জাপি প্ৰস্তুত কৰাত (Traditional artistes are busy making japi) ।
উল্লেখযোগ্য যে জাপিক সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় ৷ ৰঙালী বিহুৰ সময়ত বিশেষ সমাদৰ পায় নলবাৰীৰ ফুলাম জাপি ৷ এই সমাদৃত ফুলাম জাপি তৈয়াৰ কৰাত এতিয়া ব্যস্ত নলবাৰীৰ কেইবাখনো গাঁৱৰ জাপি শিল্পী । বিহুৰ মঞ্চ শুৱনি কৰাৰ লগতে সম্বধৰ্ণা জনোৱাৰ বাবে ব্যৱহাৰ হয় এইসমূহ ফুলাম জাপি ৷
জিলাখনৰ তিলানা, মুগকুচি, জাপাৰকুছি, দিঘেলী ,সুতাৰকুচি গাঁৱত সৰ্বাধিক জাপি তৈয়াৰ কৰা হয় ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত এই পাঁচখন গাঁৱৰ পুৰুষ-মহিলাই দিনে-নিশাই ফুলাম জাপি বনোৱাত ব্যস্ত হৈ পৰে (Bamboo and cane culture of Assam) ৷ বিগত বছৰসমূহৰ দৰে ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত এইবাৰো এই পাঁচখনকৈ গাঁৱৰ প্ৰায় ১৫০ টা পৰিয়ালে তৈয়াৰ কৰিছে ৫০ হাজাৰতকৈও অধিক ফুলাম জাপি (Assamese Japi industry) ৷