অসম

assam

ETV Bharat / city

কংগ্ৰেছত গাড্ডাৰ সতীৰ্থ আছে: ৰিপুন বৰা - অসম তৃণমূল কংগ্ৰেছ

শনিবাৰে নলবাৰীত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় (Ripun Bora criticize BJP and Congress) ।

tmc-leader-ripun-bora-criticize-bjp-and-congress
কংগ্ৰেছত গাড্ডাৰ সতীৰ্থ আছে: ৰিপুন বৰা

By

Published : Sep 10, 2022, 10:50 PM IST

নলবাৰী, ১০ ছেপ্টেম্বৰ:শনিবাৰে নলবাৰী চহৰৰ বৰমা ৰোডত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । অনুষ্ঠানটোত সম্পাদক দিগন্ত ভূষণ বৰ্মন, ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ মহিলা সভানেত্ৰী পাপৰি মালাকৰ, জিলা সভাপতি উজ্জ্বল দত্তৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

এই অনুষ্ঠানৰ পিছত এক সংবাদমেল আয়োজন কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় (Ripun Bora criticize BJP and Congress) । অসমত এতিয়া মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি অভিযোগকাৰী ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৰিপুণ বৰাই (Ripun Bora reaction on Victor Das) ৷

কংগ্ৰেছত গাড্ডাৰ সতীৰ্থ আছে: ৰিপুন বৰা

ইফালে পঞ্চায়ত নিৰ্বাচনত তৃণমুল কংগ্ৰেছে প্ৰতিখন পঞ্চায়তত প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও সদৰি কৰে নেতাগৰাকীয়ে । ইয়াৰোপৰি ৰাণা গোস্বামীৰ টুইট সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰিপুণ বৰাই । লগতে কংগ্ৰেছত গাড্ডাৰ সতীৰ্থ আছে বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়ক:বন্যহস্তীৰ আক্ৰমণত নাহৰকটীয়াত মৃত্যু এজন ব্যক্তিৰ

ABOUT THE AUTHOR

...view details