নলবাৰী, 7 ছেপ্টেম্বৰ:নলবাৰীৰ ১৮ নং বালিতাৰা গাঁও পঞ্চায়ত ঘেৰাও স্থানীয় মহিলাৰ (Tense situation at Panchayat in nalbari)। পঞ্চায়তটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে বহুতো ভুৱা হিতাধিকাৰীয়ে আবাস গৃহ লাভ কৰাৰ অভিযোগ ৰাইজৰ । জিলাখনৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৮ নং বালিতাৰা গাঁও পঞ্চায়তত বিয়াগোম কেলেংকাৰীৰ অভিযোগ (Corruption in PMAY scheme)।
উক্ত পঞ্চায়তখনৰ অন্তৰ্গত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে বহু ভুৱা হিতাধিকাৰীয়ে লাভ কৰাৰ অভিযোগ উঠিছে (Allegation of corruption in Panchayat) ৷ ধনৰ বিনিময়ত এই আৱাস গৃহ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই । ক্ষোভিত মহিলাসকলে বুধবাৰে উক্ত পঞ্চায়ত কাৰ্যালয়টো ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Public protest in Nalbari)।