নলবাৰী, 30 এপ্ৰিল : নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নলবাৰীৰ বৰ্নীবাৰীত শুকুৰবাৰে নিশা এগৰাকী বিজেপি মহিলা কৰ্মীক ঘৰত কোনো নথকা সুযোগত কোনো দুজনীয়া দুৰ্বৃত্তই উপৰ্যুপৰি চোকা অস্ত্ৰৰে আঘাত কৰে (Stabbing incident in Nalbari) । লগে লগে মহিলাগৰাকীক সংকটজনক অৱস্থাত নলবাৰী এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷
আহত মহিলা গৰাকী বিজেপিৰ নলবাৰী জিলা কাৰ্য্যনিৰ্বাহক সদস্য ৰীণা তালুকদাৰ বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে চুৰিকাঘাতৰ ঘটনাৰ লগত জড়িত এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন যুৱকজন 2 নং নপ্তিপাৰাৰ নিৱাসী অৰূপ তালুকদাৰ (25) বুলি জানিব পৰা গৈছে ৷