নলবাৰী, 12 জুন :গাঁৱবুঢ়ালৈ স্মাৰ্টফোন প্ৰদানৰ শুভাৰম্ভণি নলবাৰী জিলা উপায়ুক্তৰ । সমগ্ৰ বিশ্বৰ তথ্য লাভ কৰিব পৰা স্মাৰ্টফোন এটা নহ'লে বহু কামেই কৰিব পৰা নাযায় । ফোনৰ জৰিয়তে কথা পতাৰ উপৰিও ফটো তোলা, বিভিন্ন তথ্য-পাতি সংৰক্ষণ আৰু সৰবৰাহ, টৰ্চৰ সুবিধা আদি একেটা স্মাৰ্টফোনতে উপলব্ধ থাকে । তদুপৰি ৱাটচএপ, ই-মেইল আদি কৰাৰ উপৰিও ফেচবুক, টুইটাৰৰ জৰিয়তে প্ৰতিমূহুৰ্তৰ খবৰ পোৱা, ইন্টাৰনেটৰ সহায়ত গুগলৰ জৰিয়তে বিশ্বৰ জ্ঞান লাভ কৰাটোও এতিয়া সহজ হৈ পৰিছে একমাত্ৰ স্মাৰ্টফোনৰ বাবে । গতিকে ব্যক্তিগতভাৱে স্মাৰ্টফোন কিনি ব্যৱহাৰ কৰাৰ বাহিৰেও চৰকাৰীভাৱেও বিভিন্ন কামৰ বাবে বহু বিষয়া-কৰ্মচাৰীক স্মাৰ্টফোন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ।
গাঁৱবুঢ়াসকলকো তেওঁলোকৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে যেনে বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ খবৰ বা নিজৰ এলেকাৰ ভিতৰত থকা যিকোনো তথ্য ম'বাইলৰ জৰিয়তে সৰবৰাহ কৰিব পৰাকৈ চৰকাৰে স্মাৰ্টফোন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । নলবাৰী জিলাত গাঁৱবুঢ়াসকলক স্মাৰ্টফোন দিয়া কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ নলবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ত চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি এইদৰে গাঁৱবুঢ়াসকলক স্মাৰ্টফোন বিতৰণ কৰা হয় ।