নলবাৰী, 14 অক্টোবৰ :SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা কমল হাজৰিকাক মুকলি কৰি দিয়ে নলবাৰী আৰক্ষীয়ে ৷ নামৰ খেলি-মেলিৰ বাবেই কমল হাজৰিকাক ভুলবশতঃ আটক কৰিছিল বুলি জনায় আৰক্ষীয়ে ৷
ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বহুকেইজন লোকক আটক কৰা হৈছে ৷ এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা নিশা নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কমল হাজৰিকাক ৷ পূৰ্বৰ অভিযোগ অনুসৰি, SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দিবন ডেকাৰ সৈতে ফোনযোগে যোগাযোগ আছিল কমল হাজৰিকাৰ ৷