নলবাৰী, 17 আগষ্টঃ নলবাৰীৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটা বৃহৎ পুথিভঁৰাল । লোক জনৰ নাম হৈছে দিজেন্দ্ৰ নাৰায়ণ শৰ্মা ৷ পেছাত তেওঁ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা।
নলবাৰীৰ ৩০ হাজাৰতকৈ অধিক গ্ৰন্থ থকা বিশেষ পুথিভঁৰাল সমাজ পৰিবৰ্তনৰ তথা ছাত্ৰ- ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিহামপুৰৰ নিজৰ ঘৰতে একক প্ৰচেষ্টাত নিজৰ হাতৰ ধনৰে গঢ় দি তুলিছে এক বিশাল পুথিভঁৰাল । উক্ত পুথিভঁৰালটোৰ নাম প্ৰেৰণা পুথিভঁৰাল। য'ত আছে ৩০ হাজাৰতকৈ অধিক গল্প উপন্যাস, কবিতা পুথি, অভিধান, বিশ্বকোষ, বিভিন্ন মহৎলোকৰ আত্মজীৱনী, বিভিন্ন ধৰ্মমূলক গ্ৰন্থ ৷
নলবাৰীৰ ৩০ হাজাৰতকৈ অধিক গ্ৰন্থ থকা বিশেষ পুথিভঁৰাল পুথিভঁৰালটোত আছে কণ- কণ লৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ লোকে পঢ়িব পৰা সুন্দৰ পৰিৱেশৰ লগতে আছে সকলো সা-সুবিধা । আধ্যাত্মিক গ্ৰন্থৰ পৰা অসমীয়া, ইংৰাজী, বঙালী, হিন্দী, মায়া, বিস্ময়ৰ পৰা অকণিৰ পাঠলৈকৈ সকলো গ্ৰন্থ উপলব্ধ এই পুথিভঁৰালটোত । জ্ঞানৰ পোহৰ বিলোৱা পুথিভঁৰালটো সকলোৰে বাবে এতিয়া হৈ পৰিছে এটা মন্দিৰ । য'ত অধ্যয়নৰ বাবে আহে বিভিন্ন প্ৰান্তৰ বহু গ্ৰন্থ অনুৰাগী ।
ইফালে একাংশ দুখীয়া ঘৰৰ লৰা ছোৱালীৰ বাবেও এইটো অতিকৈ আপোন কিয়নো ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় প্ৰায় সকলো কিতাপ এই পুথিভঁৰাল টোৰ পৰাই পঢ়িব পাৰে ।
এখন সুস্থ সবল সমাজ গঢ় দিয়া মহান উদ্দেশ্য দিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ । প্ৰায় ২০ বছৰ পূৰ্বে গঠিত হোৱা এই পুথিভঁৰালটো প্ৰতিজন ছাত্ৰ- ছাত্ৰীয়ে পঞ্জীয়ন কৰিব লাগে । আজিলৈকে প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন হৈছে । ইফালে এই পুথিভঁৰাল টোত তিনিটা শাখাও গঠন হৈছে । আনহাতে শিক্ষাৰ লগতে সমানে সাংস্কৃতিক শিক্ষাও প্ৰদান কৰে এই পুথিভঁৰাল টোৰ পৰিচালনা কৰা লোক সকলে । ইফালে পুথিভঁৰাল টোত বিভিন্ন বৰণ্যে শিল্পীৰ দিৱস সমূহ পালন কৰা হয় । তাৰোপৰি গীত-মাত-কবিতা আবৃত্তিও সময়ে সময়ে অনুষ্ঠিত হয় । দিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ এই পদক্ষেপক সকলোৱে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক-বিএইছপি আৰু বজৰংগ দলৰ উদ্যোগত বজালীত পশু চিকিৎসা শিবিৰ