নলবাৰী, ৫ জুলাই :শোকাকুল পৰিবেশৰ মাজত জানাজা সম্পন্ন হ’ল নলবাৰীৰ ৰাজু আলীৰ । মণিপুৰৰ ভূমিস্খলনত বুধবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল নলবাৰীৰ বৰাজোলৰ ৰাজু আলী ৷ মহৰি হিচাপে কৰ্মৰত ৰাজু প্ৰায় এমাহ পূৰ্বে গৈছিল মণিপুৰলৈ ৷ কিন্তু প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱাইছিল ৰাজুৱে । সোমবাৰে উদ্ধাৰ কৰা হৈছিল ৰাজুৰ মৃতদেহ (Manipur landslide victim)।
উল্লেখযোগ্য যে, অহা ৮ জুলাইত ঘৰলৈ অহাৰ কথা আছিল ৰাজু । কিন্তু তাৰ পূৰ্বে ৰাজু উভতি আহিল বন্ধ কফিনত নিথৰ দেহ হৈ । ইফালে মঙলবাৰে আবেলি নিজ গৃহত ৰাজুৰ মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে (Manipur landslide) । চৌদিশে কেৱল হিয়াভঙা কান্দোন ৷ তাৰ পিছতেই স্থানীয় কৱৰস্থানত ৰাজুৰ জানাজা সম্পন্ন কৰা হয় ।