অসম

assam

ETV Bharat / city

Gang Rape in Nalbari: নলবাৰীত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী - Nalbari gang rape

এগৰাকী তিনি সন্তানৰ মাতৃক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোঁকাৰিছে নলবাৰী (Gang Rape in Nalbari) ৷ শুকুৰবাৰে এই ঘটনাৰ অভিযুক্তক ফাঁচীৰ দাবীত চৰাঞ্চলৰ পৰা ৰাজপথলৈ ওলাই আহি অগণন মহিলা ৷ অনতিপলমে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰীৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Public demand death penalty) ৷

public-demand-death-penalty-of-nalbari-gang-rape-accused
নলবাৰীত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী

By

Published : Oct 7, 2022, 8:06 PM IST

নলবাৰী, ৭ অক্টোবৰ:এগৰাকী তিনি সন্তানৰ মাতৃক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোঁকাৰিছে নলবাৰীৰ বৰক্ষেত্ৰীৰ সংখ্যালঘু অধ্যুষিত চৰাঞ্চল (Gang Rape in Nalbari) ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে শুকুৰবাৰে নাৰীৰ সুৰক্ষা বিচাৰি আৰু ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত চৰাঞ্চলৰ পৰা ৰাজপথলৈ ওলাই আহি অগণন মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰীৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Public demand death penalty) ৷

ঘটনা অনুসৰি, বিগত 30 ছেপ্টেম্বৰৰ নিশা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ কালাৰচৰ গাঁও পঞ্চায়তৰ অধীনৰ এগৰাকী মহিলাক ৭/৮ জনীয়া পাষণ্ডৰ দল এটাই ঘৰৰ বাহিৰত ওৰে নিশা বলাৎকাৰ কৰি বিলৰ পাৰত পেলায় থৈ যায় (Nalbari gang rape) ৷ পিছদিনা পুৱতি নিশা মহিলাগৰাকীক বিলপাৰৰ পৰা অচেতন অৱস্থাত ভাংনামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়লৈ লৈ গৈছিল যদিও মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে নলবাৰী ছহিদ মুকন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ৷

নলবাৰীত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী

ইফালে মহিলাগৰাকীৰ স্বামীয়ে ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আজিপৰ্যন্ত আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাত কালাৰচৰ বিজেপি মহিলা মৰ্চাৰ উদ্যোগত দুই শতাধিক মহিলা শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে এনে জঘন্য ঘটনাৰ লগত জড়িত থকা কেইটা বলাৎকাৰী কেইটা ক্ৰমে ছহিদুল ইছলাম, বাহাৰুল ইছলাম, আচমত আলী, ৰূপচান আলী, আচোৰুদ্দিন, চমেদ আলী আৰু আন কেইবাটাও পাষণ্ড জড়িত থকা বুলি জানিব পৰা গৈছে (Nalbari gang rape accused) ৷

লগতে পঢ়ক:লংকা থানাৰ সন্মুখত ভূ মাফিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details