অসম

assam

ETV Bharat / city

চৰকাৰলৈ নৰৈ ৰাইজে সাজিলে দলং

বানপানীত প্ৰতি বছৰে দলংখন উটি যায় বাবে খৰালি আকৌ ৰাইজে লগ হৈ দলংখন সাজে। এইবছৰৰ দলংখন ইতিমধ্যে ৰাইজে প্ৰায় এমাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে। সোমবাৰে ৰাইজে আনুষ্ঠানিকভাৱে দলংখনৰ উদ্বোধন কৰে। উল্লেখ্যে যে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী,বৃদ্ধ,মহিলাৰ লগতে কোনো লোকৰ বেমাৰ আজাৰ হলে দলঙৰ অভাৱত প্ৰায় ১২-১৫ কিলোমিটাৰ অতিৰিক্তভাৱে ঘূৰি ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়।

By

Published : Oct 15, 2019, 4:45 PM IST

Updated : Oct 15, 2019, 5:11 PM IST

চৰকাৰলৈ নৰৈ ৰাইজে সাজিলে দলং

নিউজ ডেস্ক, 15 অক্টোবৰ: পথ নে পুখুৰী ! পথৰ মাজত থকা পুখুৰী সদৃশ গাতে নৰক যন্ত্ৰণা ভুগাইছে ঘগ্ৰাপাৰ-তামুলপুৰ হৈ ভূটান সংযোগী পথৰে আহ যাহ কৰা প্ৰতিজন পথচাৰীক ৷ দিনটোত হাজাৰ হাজাৰ মানুহে আহ যাহ কৰা অতি ব্যস্ত এই পথটো। ৰাইজৰ অভিযোগ নলবাৰী সমষ্টিৰ অন্তৰ্গত বিধায়ক অশোক শৰ্মাই এই পথটোৰে আহ যাহ কৰি সভা সমূহলৈ যায় যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত। গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পথছোৱালৈ কাণ-সাৰ নাই আজি পৰ্যন্ত। ইফালে পুখুৰী সদৃশ এই পথটোৰে আহ যাহ কৰাৰ ফলত বিভিন্নজনে ইতিমধ্যে দুৰ্ঘটনাৰ সন্মুখীন হৈছে ৷ তৎসত্বেও ৰাইজে সঁহাৰি নাপালে প্ৰতিনিধিৰ ৷

পুখুৰী সদৃশ পথ

আনহাতে জনপ্ৰতিনিধিলৈ বাট নাচায় ৰাইজৰ দ্বাৰা নিৰ্মাণ হ'ল বৰদল আৰু মধুকুছি সংযোগী দলংখন। পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ হোৱা দলংখনৰ বাবে এতিয়া ৰাইজে প্ৰায় ২০ কি:মি: দূৰেৰে প্ৰায় ডেৰ ঘণ্টা সময় নষ্ট কৰি ঘূৰি যোৱাৰ পৰিৱৰ্তে প্ৰায় ২০মিনিটতেই নিজৰ গন্তব‍্য স্থান পাবগৈ। পিছে অঞ্চলটোৰ ৰাইজৰ বহু আকাংক্ষিত এই দলংখন চৰকাৰী নহয়,ৰাইজে কঠোৰ পৰিশ্ৰম কৰি নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন বাঁহৰ দলঙহে। বছৰ বছৰ ধৰি কৰ্তৃপক্ষক অনুনয় বিনয় কৰি কোনো ফল নধৰাত শেষত ৰাইজে নিজেই দলংখন সাজিবলৈ লয়।

ৰাইজে সাজিলে দলং

বানপানীত প্ৰতি বছৰে দুৰ্বল দলংখন উটি যায় বাবে খৰালি আকৌ ৰাইজে লগ হৈ দলংখন সাজে। এইবছৰৰ দলংখন ইতিমধ্যে ৰাইজে প্ৰায় এমাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে। সোমবাৰে ৰাইজে আনুষ্ঠানিকভাৱে দলংখনৰ উদ্বোধন কৰে। উল্লেখ্যে যে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী , বৃদ্ধ,মহিলাৰ লগতে কোনো লোকৰ বেমাৰ আজাৰ হলে দলঙৰ অভাৱত প্ৰায় ১২-১৫ কিলোমিটাৰ অতিৰিক্তভাৱে ঘুৰি ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়। বিয়াগোম এটা বিভাগ থকা স্বত্তেও ৰাইজে নিজেই দলং নিৰ্মাণ কৰিবলগীয়া হোৱাটো অতি পৰিতাপৰ বিষয়।

Last Updated : Oct 15, 2019, 5:11 PM IST

ABOUT THE AUTHOR

...view details