অসম

assam

By

Published : Aug 27, 2020, 12:03 AM IST

ETV Bharat / city

নোনা নৈৰ ওপৰত ৰাইজে নিৰ্মান কৰিলে বাঁহৰ দলং

নলবাৰী সমষ্টিৰ এটা পথ । পথ বুলিবলৈ নাই উন্নয়ন । ধমধমাৰ পৰা কামৰূপ জিলাৰ ৰঙিয়ালৈ এইটো পথ । ৰাইজে নিজৰ ধনৰে প্ৰস্তুত কৰিলে পথটোৰ ওপৰত থকা দলং । একবিংশ শতিকাতো উন্নয়নৰ পৰা বঞ্চিত এইসকল স্থানীয় লোক ।

নোনা নৈত ৰাইজে সাজি উলিয়াইছে বাঁহৰ দলং
নোনা নৈত ৰাইজে সাজি উলিয়াইছে বাঁহৰ দলং

নলবাৰী, 26 আগষ্ট : উন্নয়নলৈ যেন পিছ হুহকি দিছে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । প্ৰতিদিনে বিভিন্ন প্ৰান্তত আধাৰশিলা স্থাপন কৰি ৰাইজক টোপ দিয়াৰ বাহিৰে যেন একোৱেই নাই । আমি দেখুৱাম উন্নয়নৰ প্ৰকৃত ছবি ।

বাঁহৰ দলং নিৰ্মাণত ব্যস্ত ৰাইজ

এয়া নলবাৰী সমষ্টিৰ সোণকুৰিহা গাঁও । বছৰ-বছৰ ধৰি এইসকল লোকৰ বাবে নাই ভাল যাতায়ত ব্যৱস্থা । সেয়েহে বিধায়ক অশোক শৰ্মালৈ বুলি বাট নাচাই স্থানীয় ৰাইজে নিজে শ্ৰম কৰি সাজি উলিয়াইছে দলং । স্থানীয় লোকে প্ৰতিঘৰৰ পৰা বাঁহ,গছ আদি আনি নিজৰ যাতায়ত সুচল কৰাৰ বাবে উঠিপৰি লাগি নোনা নৈত সাজি উলিয়াইছে বাঁহৰ দলং । স্থানীয় লোকৰ মতে এই পথছোৱাৰে দৈনিক 800ৰ পৰা 1000 পৰ্যন্ত লোক আহ-যাহ কৰে । তথাপিও কিন্তু ভ্ৰক্ষেপ নাই স্থানীয় বিধায়ক আৰু বিভাগৰ ।

ৰাইজে নিৰ্মান কৰা বাঁহৰ দলঙখন

স্থানীয় লোকে বাৰম্বাৰ এখন পকী দলঙৰ বাবে আবেদন কৰি আহিছে যদিও একো ফল পোৱা নাই । ইয়াৰ উপৰিও সোণকুৰিহা গাঁওৰ লগতে অঞ্চলটোত নাই কোনো উন্নয়ন । পৰিৱৰ্তনকামী চৰকাৰৰ এয়া হৈছে পৰিৱৰ্তনৰ নমুনা । পৰিৱৰ্তনৰ নামত এইখন চৰকাৰে শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতিত যোগদান পৰ্বতে সামৰিছে উন্নয়ন । নলবাৰীৰ বিধায়ক অশোক শৰ্মাক আজিলৈকে দেখা নাই নিজৰ সমষ্টিৰ লোকে । অশোক শৰ্মাৰ নাম নাজানে বহু ভোটাৰে । এইসকল ভোটাৰৰ সৰ্বাঙ্গীন উন্নতিৰ বাবেই প্ৰতিশ্ৰুতি আৰু পৰিৱৰ্তনৰ শ্লোগানৰে আহিছিল বিজেপি চৰকাৰ । বিজেপিৰ শাসনকালত কি উন্নয়ন হ'ল সেয়া 21ৰ নিৰ্বাচনতহে ওলাই কোন দিশে গতি কৰিব ৰাজনীতি ।

নোনা নৈত ৰাইজে সাজি উলিয়াইছে বাঁহৰ দলং

উল্লেখযোগ্য যে মাছ উৎপাদনৰ এক সুকীয়া স্থান থকা এই অঞ্চলৰ উন্নয়নত কিয় গুৰুত্ব আৰোপ নকৰে স্থানীয় প্ৰতিনিধিয়ে সেয়া এক ডাঙৰ প্ৰশ্ন । নিজৰ সঞ্চিত ধনৰে বাঁহ আদি কিনি কিয় ৰাইজে নিৰ্মাণ কৰিব লাগে দলং পথ । এয়াই নেকি ৰজাঘৰীয়াৰ কামৰ নমুনা । আনহাতে একেখন চৰকাৰৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিটো সময়ত গ্ৰাম্য উন্নয়ন আৰু অৰ্থনীতিত উন্নয়ন কৰাৰ কথা কৈ আহিছে,তেনে সময়তে ৰাজ্য চৰকাৰ নলবাৰী সমষ্টিৰ বিধায়কক চিনি নাপাই নিজ সমষ্টিৰ ভোটাৰে ৷

লগতে পঢ়ক :গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী কংগ্ৰেছ প্ৰধান কাৰ্যক্ষম কৰাটো কঠিন কিয় !

ABOUT THE AUTHOR

...view details