অসম

assam

ETV Bharat / city

Tribute to CDS Gen Bipin Rawat : ৰাজ্য়ৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন জেনেৰেল ৰাৱাটলৈ - বিজেপিৰ মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে ১১ গৰাকী লোকৰ মৃত্যু হৈছে (13 died in chopper crash at coonoor)। এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে । অসমৰো বিভিন্ন ঠাইত এই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়(People in Assam tribute to CDS Gen Bipin Rawat) ৷

people-from-various-places-of-assam-tribute-to-cds-gen-bipin-rawat
ৰাজ্য়ৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

By

Published : Dec 10, 2021, 10:18 AM IST

নলবাৰী/ মৰাণ, 10 ডিচেম্বৰ : বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত বিমান দুৰ্ঘটনাত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat death) আৰু আন 12 জনৰ মৃত্যু(13 died in chopper crash at coonoor) হোৱা ঘটনাত শোকস্তব্ধ সমগ্ৰ দেশ ৷ এই দুৰ্ঘটনাত একমাত্ৰ প্ৰাণ ৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিঙে বৰ্তমান বেংগালুৰুত চিকিৎসাধীন হৈ আছে ৷

বৃহস্পতিবাৰে নলবাৰী হৰি মন্দিৰত হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিৰ উদ্যোগত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়(Hindu Jagran Manch tribute to Gen Rawat) ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত পুষ্পাঞ্জলি অৰ্পণ কৰি মৌন প্ৰাৰ্থনা জনাই মৃতকৰ আত্মাৰ শান্তি কামনা কৰে ৷ ইফালে নলবাৰী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, নলবাৰী নগৰ শাখাই হাতে-হাতে মমবাতি লৈ নলবাৰী মহাবিদ্যালয়ৰ পৰা নলবাৰী বাণিজ্য মহাবিদ্যালয়লৈ ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক বিপিন ৰাৱাটৰ মৃত্যুত শোক প্ৰকাশ কৰি এটি সমদল উলিয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ৰাজ্য়ৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ইয়াৰোপৰি ডিব্ৰুগড় থানা চাৰিআলিত ডিব্ৰুগড় জিলা বিজেপিৰ মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত এই বীৰ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(BJP Mahila Morcha and BJYM tribute to Gen Rawat) ৷ লগতে এই অনুষ্ঠানটোৰ জৰিয়তে দেশৰ সামৰিক শক্তিৰ এজন বীৰ পুৰুষ এনেদৰে হেৰাই যোৱাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে তেখেতৰ কৰ্ম আদৰ্শই দেশবাসীক সাহস আৰু প্ৰেৰণা যোগাব বুলি উল্লেখ কৰে । ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মামন মিত্ৰ গগৈ, যুৱ মৰ্চাৰ সভাপতি বিদ্যুৎ গগৈ, ডাঃ চৈকত পাত্ৰকে ধৰি কেইবাগৰাকী বিজেপি নেতৃত্বই অংশগ্ৰহণ কৰে ৷

ৰাজ্য়ৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

উল্লেখ্য যে, 8 ডিচেম্বৰ তাৰিখে তামিলনাডুৰ কইম্বাটোৰ আৰু চুলুৰৰ মাজৰ কুন্নুৰ অঞ্চলত সংঘটিত হৈছিল এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত ভূ-পতিত হৈছিল বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখন(IAF chopper crashed in Tamilnadu) ৷ চুলুৰ বায়ুসেনা চাউনীৰ পৰা ৱেলিংটন অভিমুখে গৈ আছিল হেলিকপ্টাৰখন ৷ এই অভিশপ্ত হেলিকপ্টাৰখনতে যাত্ৰা কৰিছিল পত্নী মধুলিকা ৰাৱাট সহ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট ৷ লগতে সেনাৰ আন কেইবাজনো শীৰ্ষ বিষয়াই এই হেলিকপ্টাৰখনত যাত্ৰা কৰিছিল ৷ দুৰ্ঘটনাৰ ফলত 13 জনৰ মৃত্যু হয় ৷

লগতে পঢ়ক :ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি জনাবলৈ পালম এয়াৰবেছত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details