নলবাৰী, 29 জানুৱাৰী :ৰাজ্য চৰকাৰে কৃষকসকলৰ পৰা উচিত মূল্যৰ বিনিময়ত ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Government has decided to buy paddy from farmers at a fair price) ৷ সেই অনুসৰি, কৃষকসকলে এতিয়াৰে পৰা মধ্যভোগীৰ হস্তক্ষেপ অবিহনে ভাৰতীয় খাদ্য নিগমক তেওঁলোকে উৎপাদন কৰা ধানসমূহ পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব ৷ আন আন প্ৰান্তৰ দৰে নলবাৰীতো আৰম্ভ হৈছে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া (Paddy Procurement System opening in Nalbari) ৷
এই প্ৰক্ৰিয়াৰ মাজেৰে নলবাৰীৰ কৃষক সকলৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতীয় খাদ্য নিগমে ৷ নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই বৰচেনীকুছি জয় গুৰু শংকৰ মন্দিৰ চৌহদত আয়োজিত এখন সভাত ভাৰতীয় খাদ্য নিগমে ঘগ্ৰাপাৰ কৃষি কাৰ্যালয়ৰ অধীনত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত কৃষকৰ পৰা নূন্যতম মূল্যত ধান সংগ্ৰহৰ লক্ষ্যৰে শনিবাৰৰ পৰা কাৰ্যক্ষম হোৱাকৈ এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে ৷ লগতে প্ৰায় 388 জন কৃষকক ধান ক্ৰয়ৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷