অসম

assam

By

Published : Aug 1, 2020, 3:40 PM IST

ETV Bharat / city

নলবাৰীত কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে !

একেটা পৰিয়ালৰ তিনিজন সদস্য কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতো কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে ৷ তাৰোপৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত কাম কাজ চলাই গৈছে সেই পৰিয়ালটোৰে নাৰ্ছ এগৰাকীয়ে ৷

No Containtment Zone of Covid-19 Positive Patient Home At Nalbari
নলবাৰীত কৰ'ণাত আক্ৰান্তৰ পিছতো কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে !

নলবাৰী, 1 আগষ্টঃ নলবাৰীত সংঘটিত হৈছে এটা আজৱ ঘটনা ৷ ইতিমধ্যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ এগৰাকী GNM নাৰ্ছৰ স্বামী সহ পৰিয়ালৰ তিনি সদস্যৰ দেহত ধৰা পৰিছে ক'ভিড প'জিটিভ ৷

নলবাৰীত কৰ'ণাত আক্ৰান্তৰ পিছতো কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা নাই প্ৰশাসনে !

ইফালে বৰ্তমান নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰসুতি বিভাগৰ Baby ICUত কৰ্মৰত নাৰ্ছ গৰাকী ৷ নাৰ্ছ গৰাকীৰ নাম নন্দা কলিতা ৷ এইগৰাকী নাৰ্ছৰ স্বামী,শহুৰ আৰু শাহুসহ পৰিয়ালৰ তিনি সদস্য কভিড পজিটিভ হোৱাৰ পিছত আটাইকে নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে স্বাস্থ্য বিভাগে ৷ কিন্তু ৰহস্যজনক কথাটো হ’ল পৰিয়ালৰ তিনি সদস্যৰ দেহত ক'ভিড প'জিটিভ ওলোৱাৰ পিছতো আজিলৈকে পৰিয়ালৰ আন লোক অথবা ঘৰখন কৰা নহ’ল কন্টেইনমেন জ'ন ৷ আনকি নাৰ্ছ গৰাকীও ছয়মহীয়া অন্তঃসত্ত্বা ৷ স্বাস্থ্য বিভাগে নাৰ্ছ গৰাকীৰ ৰেপিড টেষ্ট কৰাৰ পিছত কৰাইছে স্বাৱ টেষ্ট ৷ কিন্তু স্বাৱ টেষ্টৰ ৰিজাল্ট নহাকৈয়ে নাৰ্ছ গৰাকীক হস্পিতাল কৰ্তৃপক্ষই নিয়োজিত কৰিছে কাম-কাজত ৷ শনিবাৰেও নাৰ্ছ গৰাকীয়ে Baby ICU ত কৰ্তব্য পালন কৰি থকা দেখা গৈছে ৷ মাথো স্বাস্থ্য বিভাগৰ কৰ্তব্যক দোহাই দি চিকিৎসালয় কৰ্তৃপক্ষই এনেদৰে নাভূত-নাশ্ৰুত ভাৱে নিয়োজিত কৰি ৰাখিছে নাৰ্ছ গৰাকীক ৷ উক্ত ঘটনাৰ বাবে এতিয়া শংকিত হৈ পৰিছে একাংশ সচেতন মহল ৷

লগতে পঢ়ক- ৰাজ্যত 40 হাজাৰলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

For All Latest Updates

ABOUT THE AUTHOR

...view details