নলবাৰী, 16 মে' :ৰাজ্যজুৰি ব্যাপকভাৱে কৰ’ণাৰ সংক্ৰমণৰ সময়তেই নলবাৰী জিলাতো কৰ’ণাৰ সংক্ৰমণ হৈছে ৷ জিলাখনত ইতিমধ্যে 3000 তকৈ অধিক লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পাছতো নলবাৰীৰ ৰে’ল ষ্টেচনত ক’ভিড সম্পৰ্কত নাই কোনো ধৰণৰ সজাগতাৰ ব্যৱস্থা ৷
নলবাৰী ৰে’ল ষ্টেচনত নাই যাত্ৰীৰ কোনো ধৰণৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰী সকলৰ কোনো ধৰণৰ স্বাস্থ্য বা ক’ভিড পৰীক্ষা নকৰাকৈ জিলাখনৰ বিভিন্ন ঠাইলৈ গমন কৰাৰ ফলত জিলাখনৰ সাধাৰণ লোকৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি পৰিছে ৷