নলবাৰী, 20 জানুৱাৰী : নামনি অসমৰ বাবে সুখবৰ ৷ আগন্তুক 20 জানুৱাৰীত নলবাৰীত মুকলি হ'ব এখন ব্যক্তিগত খণ্ডৰ অত্যাধুনিক চিকিৎসালয় (New hospital ready to serve people at Nalbari) ৷ এই চিকিৎসালয়খন মুকলি কৰিব অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog will inaugurate hospital in Nalbari ) ৷ বুধবাৰে চিকিৎসক ডাঃ গোপাল কলিতাই এখন সংবাদমেল আয়োজন কৰি এই কথা জানিব দিয়ে ৷
চিকিৎসক ডাঃ গোপাল কলিতাই এই চিকিৎসালয়খনত অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ লগতে এই চিকিৎসালয়খনত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নাগৰিক সকলেও চিকিৎসা ক্ষেত্ৰত ডাঙৰ সকাহ পাব বুলি মত পোষণ কৰে হাস্পতাল কতৃপক্ষই ৷ প্ৰায় 100 খন বিচনাযুক্ত এই চিকিৎসালয়খনত অত্যাধুনিক ইনটেনছিভ কেয়াৰ ইউনিট আৰু 8 খন বিছনাযুক্ত ICUও নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷