নলবাৰী, 30 ছেপ্টেম্বৰ : যিটো সময়ত নলবাৰীত মাৰাত্মক আৰ্ছেনিক আৰু ফ্লৰাইডৰ উপস্থিতি ধৰা পৰিছে তেনে সময়ত জিলাখনত অভাৱ ঘটিছে বিশুদ্ধ খোৱা পানীৰ । নলবাৰীৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফলত বৰভাগৰ ক্ষুদ্র দিংডিঙি গাওঁবাসী এতিয়া বঞ্চিত হৈছে খোৱা পানী টুপিৰ পৰাও ৷
সাত বছৰ পূৰ্বে বৰভাগৰ ক্ষুদ্র দিংডিঙি গাৱঁত প্ৰায় কোটি টকা খৰছেৰে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনিৰ এটা প্ৰকল্প । চৰকাৰেও আশা দিছিল ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ । ঠিকাদাৰ আহিল, ঘৰ বনালে, গাত খান্দিলে, ৰং দি ধুনীয়া কৰিলে প্ৰকল্প ৷পানীও দিলে এদিনৰ বাবে ৷ কিন্তু তাৰ পিছৰে পৰা আজি সাত বছৰলৈ দেখা দেখি নাই কোনো বিভাগীয় লোকৰ ।
গাঁওবাসী ৰৈ থাকিল পানী অহালৈ । চৰকাৰ সলনি হৈ আহিল বিজেপি চৰকাৰ ৷ এতিয়া এই চৰকাৰৰো এটা কাৰ্যকাল যাবলৈ বেছিদিন নাই, পিছে নাহিল পানী । কেৱল হৈ উঠিব বুলি কোৱা আশ্বাসৰ বাহিৰে নাপালে কোনো সমাধান । বিশুদ্ধ পানীৰ যোগানৰ নামত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বৰভাগৰ ক্ষুদ্র দিংডিঙি গাওঁবাসীক দিলে যেন এক ভালুকৰ সাঙীহে ।