অসম

assam

ETV Bharat / city

অসমত সকলো সমষ্টিতে প্ৰাৰ্থী দিব আম আদমী পাৰ্টিয়ে

আগন্তুক ২০২১ত হ'বলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে । এনে সময়ত পিচ পৰি থকা নাই আম আদমী পাৰ্টিয়েও । বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি দলটোৱে চলাইছে নিৰ্বাচনী প্ৰস্তুতি ।

By

Published : Sep 12, 2020, 9:38 AM IST

AAP_meeting_NALBARI
অসমত সকলো সমষ্টিতে প্ৰাৰ্থী দিব আম আদমী পাৰ্টিয়ে

নলবাৰী,12 ছেপ্টেম্বৰ:সমাগত ৰাজ্যৰ বিধান সভা নিৰ্বাচন ৷ ২০২১ত হ'বলগীয়া অসম বিধান সভাৰ এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যৰ ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দল সমূহে । পিচ পৰি থকা নাই আম আদমী পাৰ্টিয়ো । ৰাজ্যৰ বিভিন্ন ঠাইত সভা-সমিতি অনুষ্ঠিত কৰি দলটোৱে চলাইছে নিৰ্বাচনী প্ৰস্তুতি ।

অসমত সকলো সমষ্টিতে প্ৰাৰ্থী দিব আম আদমী পাৰ্টিয়ে

শুকুৰবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ চামতাত অনুষ্ঠিত হৈ যায় "আপ"ৰ এখন বিশেষ সভা । জিলাখনৰ ভিন্ন প্ৰান্তৰ কৰ্মকৰ্তা উপস্থিত থকা এই সভাখনত আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সমন্বয়ক ডা: ভবেন চৌধুৰী, অসম প্ৰভাৰী ৰাজেশ শৰ্মা, আপৰ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নাৰায়ণ দত্ত ভূঞা, আপৰ নলবাৰী জিলাৰ মুখ্য উপদেষ্টা আনচুল হ'ককে আদি কেইবাগৰাকীও নেতা কৰ্মীয়ে অংশ লয় ।

অন্য এক খবৰৰ বাবে: ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !

আগন্তুক বিধান সভাৰ নিৰ্বাচনত অসমৰ ১২৬ টা সমষ্টিতে আপে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰি আপে ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিলে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, বাট-পথ আদিৰ উন্নয়ন কৰাৰ লগতে বিভিন্ন উন্নয়ন মূলক কামত অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসমৰ ভয়াবহ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সভাত উপস্থিত আপৰ নেতাসকলে । অসমৰ সম্পদ সমূহ যদি ৰাষ্ট্ৰৰ সম্পদ, তেনেহ'লে অসমৰ ভয়াবহ বানপানীৰ সমস্যাটো কিয় ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি প্ৰশ্ন কৰি ৰাজ্যত আপৰ নেতৃত্বাধীন চৰকাৰ হ'লে অসমৰ বানপানীৰ এই মূল সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দিয়ে প্ৰতিশ্ৰুতি । ইয়াৰোপৰি অসমত ২৪ ঘন্টাই বিদ্যুত যোগান নিয়মীয়া কৰণৰ লগতে ২০০ ইউনিটলৈকৈ বিদ্যুত মাচুল ৰেহাই দিয়াৰো প্ৰতিশ্ৰুতি দিলে আম আদমী পাৰ্টি, অসমৰ নেতা কেইগৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details