নলবাৰী, 16 জুন: ৰাজ্যত বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন ( Rain Hits In Assam।) সমান্তৰালভাৱে স্তব্ধ হৈ পৰিছে শিক্ষাখণ্ডও । এই বৰষুণৰ ফলত ৰাজ্যৰ ভালে কেইখন জিলা বানৰ কৱলত পৰিছে ৷ নলবাৰীতো বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷
নলবাৰী জিলাত ১৮ জুনলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান - নলবাৰীতো বানে ভয়াবহ ৰূপ ধাৰণ
নলবাৰীত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ প্ৰশমন বিভাগে ১৮ জুনলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে (Nalbari District disaster management announces to close all educational institutes on Saturday) ।
ফলত নলবাৰী জিলাতো অহা ১৮ জুনলৈকে বান পৰিস্থিতিৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে (Nalbari District disaster management announces to close all educational institutes on Saturday) ৷ জিলা দুৰ্যোগ প্ৰশমন বিভাগে এক নিৰ্দেশনা যোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়ে ৷
ইতিমধ্যে বৰপেটাৰ লগতে গুৱাহাটী মহানগৰীত প্ৰশাসনে বৃহস্পতিবাৰে এক নিৰ্দেশনা যোগে জিলাখনৰ সকলোবোৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি জনোৱাত মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই নিৰ্দেশনা জাৰী কৰিছে (Kamrup District Administration announces to close all educational institutes on Friday ) ৷